নতুন দিল্লী, ১৫ অক্টোবৰ (হি.স.)। বৈদেশিক মন্ত্ৰী ড০ এছ. জয়শংকৰে দেওবাৰে ভিয়েটনাম আৰু ছিংগাপুৰৰ ৬ দিনীয়া ভ্ৰমণসূচীৰে হানয়ত উপস্থিত হয়। ভিয়েটনামৰ পিছত ১৯ৰ পৰা ২০ অক্টোবৰলৈ ছিংগাপুৰ ভ্ৰমণলৈ যাব ড০ জয়শংকৰ। এই ভ্ৰমণৰ সময়ত বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে ছিংগাপুৰৰ সমকক্ষ আৰু দেশৰ শীৰ্ষ নেতৃত্বক সাক্ষাৎ কৰিব। ভাৰতীয় আঞ্চলিক সন্মিলনৰ সভাপতিত্বও কৰিব।
ড° জয়শংকৰে টুইটাৰযোগে কয় যে আজি তেওঁ ভিয়েটনামৰ ৰাজধানী হানয়ত উপস্থিত হৈছে। বিখ্যাত ট্ৰান কুক পেগোডাত ব্যক্তিগতভাৱে উষ্ম আদৰণি জনোৱাৰ বাবে তেওঁ বৈদেশিক মন্ত্ৰী বুই থান ছনক ধন্যবাদ জনায়। সোমবাৰে অনুষ্ঠিত হ’বলগীয়া ১৮ সংখ্যক যুটীয়া আয়োগৰ বৈঠকৰ সহ-অধ্যক্ষতা কৰিবলৈপে তেওঁ উৎসুক হৈ আছে।
মন কৰিবলগীয়া যে হানয়ত অৱস্থিত ট্ৰেন কুক পেগোডা হৈছে এটি বৌদ্ধ মন্দিৰ। ই পশ্চিম হ্ৰদৰ এটা দ্বীপত অৱস্থিত। ই ভিয়েটনামৰ অন্যতম পুৰণি পেগোডা। ইয়াৰ ইতিহাস ১৫০০ বছৰতকৈও অধিক আগৰ। বৈদেশিক পৰিক্ৰমা মন্ত্ৰীয়ে হানয়ৰ ঐতিহাসিক ট্ৰেন কুক পেগোডা পৰিদৰ্শন কৰে। ইয়াত থকা বোধি গছ ভাৰত আৰু ভিয়েটনামৰ মাজত যুগ যুগ ধৰি চলি অহা সম্পৰ্কৰ প্ৰতীক। ইয়াক ১৯৫৯ চনত ৰাষ্ট্ৰপতি ড° ৰাজেন্দ্ৰ প্ৰসাদে ৰাষ্ট্ৰপতি হো চি মিনক উপহাৰ দিছিল। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ তথ্য অনুসৰি ভ্ৰমণৰ প্ৰথম পৰ্যায়ত জয়শংকৰে ভিয়েটনাম-ভাৰত সম্পৰ্কৰ কেইবাটাও ক্ষেত্ৰত হোৱা অগ্ৰগতিৰ পৰ্যালোচনা কৰিব আৰু সহযোগিতা আৰু অধিক বৃদ্ধিৰ উপায়ৰ বিষয়ে আলোচনা কৰিব। ১৮ অক্টোবৰলৈকে তেওঁ ভিয়েটনাম ভ্ৰমণত থাকিব। এই সময়ছোৱাত জয়শংকৰে তেওঁৰ ভিয়েটনামী সমকক্ষ বুই থান ছনৰ সৈতে ভাৰত-ভিয়েটনাম যুটীয়া অৰ্থনৈতিক, বাণিজ্য আৰু বৈজ্ঞানিক আৰু প্ৰযুক্তিগত সহযোগিতা আয়োগৰ ১৮ সংখ্যক বৈঠকৰ সহ-অধ্যক্ষতা কৰিব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে হানয় আৰু হো চি মিন চহৰ ভ্ৰমণ কৰি ভিয়েটনামৰ নেতৃত্বৰ সৈতেও আলোচনাত মিলিত হ’ব।
ভিয়েটনামৰ পৰা জয়শংকৰে ১৯ৰ পৰা ২০ অক্টোবৰলৈ ছিংগাপুৰ ভ্ৰমণ কৰিব। এই ভ্ৰমণৰ সময়ত বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে ছিংগাপুৰৰ সমকক্ষ আৰু দেশৰ শীৰ্ষ নেতৃত্বক সাক্ষাৎ কৰিব। ভাৰতীয় আঞ্চলিক সন্মিলনৰ সভাপতিত্বও কৰিব। ভাৰত-ছিংগাপুৰৰ সম্পৰ্ক ২০১৫ চনত কৌশলগত অংশীদাৰিত্বলৈ উন্নীত কৰা হৈছিল আৰু তেতিয়াৰ পৰাই দ্বিপাক্ষিক সহযোগিতাৰ তীব্ৰতা যথেষ্ট বৃদ্ধি পাইছে।
হিন্দুস্থান সমাচাৰ/অনুপ/মনোজ/অৰবিন্দ
