নতুন দিল্লী, ২২ ডিচেম্বৰ (হি স)। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ ৰাজ্যিক মন্ত্ৰী অনুপ্ৰিয়া পেটেলে উল্লেখ কৰে যে বিগত ১১ বছৰত ভাৰতৰ স্বাস্থ্যসেৱা ব্যৱস্থাত যথেষ্ট পৰিৱৰ্তন হৈছে। দেশত চিকিৎসা মহাবিদ্যালয়ৰ সংখ্যা ৩৮৭ৰ পৰা ৮১৯লৈ বৃদ্ধি পাইছে।একেদৰে এমবিবিএছৰ আসন ৫১ হাজাৰৰ পৰা ১.২৮ লাখলৈ বৃদ্ধি পাইছে, আৰু পিজিৰ আসন ৩১ হাজাৰৰ পৰা প্ৰায় ৮২ হাজাৰলৈ বৃদ্ধি পাইছে। এইমছৰ সংখ্যাও ৭ৰ পৰা ২৩লৈ বৃদ্ধি পাইছে।সোমবাৰে বৰ্দ্ধমান মহাবীৰ চিকিৎসা মহাবিদ্যালয় আৰু ছফদাৰজং হাস্পতালৰ সপ্তম সমাৱৰ্তনত ছাত্ৰ-ছাত্ৰীক অভিনন্দন জনাই অনুপ্ৰিয়া পেটেলে কয় যে চিকিৎসকসকল কেৱল পেছাদাৰী নহয় বৰঞ্চ সমাজৰ দায়িত্বশীল সেৱকও, আৰু সেয়েহে তেওঁলোকৰ সেৱাৰ মনোভাৱ কেতিয়াও শেষ হোৱা উচিত নহয়।
তেওঁ উল্লেখ কৰে যে আজি দেশত ১.৮২ লাখতকৈ অধিক আয়ুষমান আৰোগ্য মন্দিৰে ৰাইজক প্ৰাথমিক স্বাস্থ্যসেৱা প্ৰদান কৰি চলি আছে। ইয়াৰ উপৰিও আয়ুষ্মান ভাৰত-পিএমজেএৱাই আঁচনিৰ অধীনত দেশৰ ৬২ কোটিতকৈ অধিক লোকে ₹৫ লাখ পৰ্যন্ত বিনামূলীয়া চিকিৎসা লাভ কৰি আছে। লগতে সুলভ মূল্যৰ ঔষধ যোগান ধৰা জন আউষধি যোজনা আৰু অমৃত ফাৰ্মাচীৰ কথাও উল্লেখ কৰে।
তেওঁ চিকিৎসা বিজ্ঞানৰ ছাত্ৰ-ছাত্ৰীসকলক নিজৰ বৃত্তিত সদায় সততা, মমতা, মানৱতা বজাই ৰাখিবলৈ আৰু দুখীয়া আৰু আৰ্তজনৰ সেৱা কৰিবলৈ আহ্বান জনায়।
এই অনুষ্ঠানত ২১৭ গৰাকী স্নাতকোত্তৰ, ১৩৬ গৰাকী স্নাতক, আৰু ৪০ গৰাকী ছুপাৰ স্পেচিয়েলিটি ছাত্ৰ-ছাত্ৰীক ডিগ্ৰী প্ৰদান কৰা হয়। তদুপৰি অসাধাৰণ প্ৰদৰ্শনৰ বাবে ৪৩ গৰাকী ছাত্ৰ-ছাত্ৰীক পদক প্ৰদান কৰা হয়।
এই অনুষ্ঠানত গুৰু গোবিন্দ সিং ইন্দ্ৰপ্ৰস্থ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক (ড°) মহেশ ভাৰ্মা আৰু স্বাস্থ্য সেৱাৰ সঞ্চালক প্ৰধান ডাঃ সুনীতা শৰ্মাও উপস্থিত থাকে। লগতে উপস্থিত থাকে ভিএমএমচি আৰু ছফদাৰজং হাস্পতালৰ সঞ্চালক অধ্যাপক (ডাঃ) সন্দীপ বংছাল, ভিএমএমচি আৰু ছফদাৰজং হাস্পতালৰ অধ্যক্ষ অধ্যাপিকা (ডাঃ) গীতিকা খান্না, আৰু ভিএমএমচি আৰু ছফদাৰজং হাস্পতালৰ চিকিৎসা অধীক্ষক অধ্যাপক (ডাঃ) (ডাঃ) চাৰু বাম্বা,কে ধৰি কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে।
हिन्दुस्थान समाचार / অৰৱিন্দ
