– প্ৰতিটো পৰিস্থিতিত ৰাজ্যসমূহৰ সৈতে দৃঢ়তাৰে থিয় দিছে মোডী চৰকাৰঃ অমিত শ্বাহ
নতুন দিল্লী, ১০ জুলাই (হি.স.)। সমগ্ৰ দেশত বাৰিষাৰ সময়ত হোৱা প্ৰচণ্ড বৰষুণ, বানপানী, ভূমিস্খলনৰ ফলত ক্ষতিগ্ৰস্ত অসম, মণিপুৰ, মেঘালয়, মিজোৰাম, কেৰালা, উত্তৰাখণ্ডকে ধৰি ছখন ৰাজ্যৰ বাবে কেন্দ্ৰীয় চৰকাৰে ১,০৬৬.৮০ কোটি টকাৰ ধনৰাশি মুকলি কৰিবলৈ অনুমোদন জনাইছে।
কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ তথ্য অনুসৰি বানাক্ৰান্ত ছখন ৰাজ্যৰ ভিতৰত অসমক ৩৭৫.৬০ কোটি, মণিপুৰক ২৯.২০ কোটি, মেঘালয়ক ৩০.৪০ কোটি, মিজোৰামক ২২.৮০ কোটি, কেৰালাক ১৫৩.২০ কোটি আৰু উত্তৰাখণ্ডক ৪৫৫.৬০ কোটি টকা দুৰ্যোগ সঁহাৰি পুঁজি (এছডিআৰএফ)ৰ কেন্দ্ৰীয় অংশীদাৰিত্ব হিচাপে দিয়া হৈছে। চলিত বৰ্ষৰ দক্ষিণ-পশ্চিম বাৰিষাৰ সময়ত অত্যন্ত প্ৰবল বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ ফলত এই ৰাজ্যসমূহ ক্ষতিগ্ৰস্ত হৈছে।
এইবাৰ কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে এছডিআৰএফৰ পৰা ১৪খন ৰাজ্যলৈ ৬,১৬৬.০০ কোটি টকা আৰু এন ডি আৰ এফৰ পৰা ১২খন ৰাজ্যলৈ ১,৯৮৮.৯১ কোটি টকা মুকলি কৰি দিছে । ইয়াৰ উপৰিও ৰাজ্যিক দুৰ্যোগ প্ৰশমন পুঁজি (এছডিএমএফ)ৰ পৰা ৫খন ৰাজ্যলৈ ৭২৬.২০ কোটি টকা মুকলি কৰি দিয়া হৈছে আৰু ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন পুঁজিৰ পৰা ২ ৰাজ্যলৈ ১৭.৫৫ কোটি টকা জাৰি কৰা হৈছে।
কেন্দ্ৰীয় চৰকাৰে বানপানী, ভূমিস্খলন আৰু ডাৱৰ বিস্ফোৰণৰ ফলত ক্ষতিগ্ৰস্ত সকলো ৰাজ্যলৈ প্ৰয়োজনীয় এনডিআৰএফ দল, সেনা আৰু বায়ুসেনাৰ দল নিয়োগকে ধৰি সকলো ধৰণৰ লজিষ্টিক সহায় আগবঢ়াইছে। চলি থকা বাৰিষাৰ সময়ছোৱাত ২১খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত সাহায্য আৰু উদ্ধাৰ অভিযানৰ বাবে ১০৪টা এন ডি আৰ এফৰ দল নিয়োগ কৰা হৈছে। ইয়াৰ উপৰিও প্ৰয়োজন অনুসৰি সেনা আৰু বায়ুসেনাও সক্ৰিয় কৰা হৈছে।
এই সিদ্ধান্ত সন্দৰ্ভত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত কয় যে মোডী চৰকাৰে প্ৰতিটো পৰিস্থিতিত ৰাজ্যসমূহৰ সৈতে দৃঢ়তাৰে থিয় দিছে আৰু ভুক্তভোগীক সকাহ প্ৰদান কৰাটো চৰকাৰৰ সৰ্বোচ্চ অগ্ৰাধিকাৰ।
তেওঁ কয় যে আজি কেন্দ্ৰীয় চৰকাৰে বান আৰু ভূমিস্খলন ক্ষতিগ্ৰস্ত ৰাজ্য অসম, মণিপুৰ, মেঘালয়, মিজোৰাম, কেৰালা আৰু উত্তৰাখণ্ডৰ বাবে ৰাজ্যিক দুৰ্যোগ সঁহাৰি পুঁজিৰ অধীনত কেন্দ্ৰীয় অংশীদাৰিত্ব হিচাপে ১০৬৬.৮০ কোটি টকাৰ ধন অনুমোদন জনাইছে।
শ্বাহে কয় যে এইবাৰ এছডিআৰএফ আৰু নেশ্যনেল ডিজাষ্টাৰ ৰেচপন্স ফৰ্চ (এনডিআৰএফ)ৰ পুঁজিৰ পৰা ১৯খন ৰাজ্যক ৮০০০ কোটিতকৈ অধিক ধনৰ ধন প্ৰদান কৰা হৈছে। আৰ্থিক সাহায্যৰ উপৰিও প্ৰয়োজনীয় এন ডি আৰ এফ, সেনা আৰু বায়ুসেনা নিয়োগকে ধৰি সকলো লজিষ্টিক সহায় প্ৰদান কৰাটো আমাৰ অগ্ৰাধিকাৰ হৈ আহিছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
