নতুন দিল্লী, ২৫ আগষ্ট (হি.স.)। বেনাৰস ৰে’ল ইঞ্জিন ফেক্টৰীয়ে ৰে’লপথত সৌৰ পেনেল স্থাপন কৰি এক নতুন ইতিহাসৰ সৃষ্টি কৰিছে। এই পৰীক্ষাটো দেশত প্ৰথমবাৰৰ বাবে কৰা হৈছে, য’ত পোনপটীয়াকৈ ৰে’লপথত চলনশীল আৰু শক্তিশালী সৌৰ পেনেল স্থাপন কৰা হৈছে। ইয়াৰ পৰাই বিদ্যুৎ উৎপাদন হৈছে। এই প্ৰকল্পটো বৰ্তমান পাইলট পৰ্যায়ত আৰম্ভ হৈছে আৰু ইয়াক আগুৱাই নিয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ অনুমোদনৰ বাবে অপেক্ষা কৰি আছে। এই প্ৰযুক্তি গ্ৰহণ কৰি ভাৰত এতিয়া ট্ৰেকত সৌৰ পেনেল স্থাপন কৰা ছুইজাৰলেণ্ড আৰু জাৰ্মানীৰ পিছত বিশ্বৰ তৃতীয়খন দেশ হিচাপে পৰিগণিত হৈছে।
বাৰেকাৰ জেনেৰেল মেনেজাৰ নৰেশ পাল সিঙে জনোৱা মতে, বিশেষ ধৰণেৰে সৌৰ পেনেল প্ৰস্তুত কৰা হৈছে। ট্ৰেকৰ মাজত ৰবৰ পেড আৰু ইপক্সি আঠাৰ সহায়ত স্থাপন কৰা হৈছে। প্ৰয়োজন হ’লে ৯০ মিনিটত পেনেলটো আঁতৰাই পুনৰ সংস্থাপন কৰিব পাৰি, যাতে ট্ৰেকৰ ৰক্ষণাবেক্ষণো সহজে কৰিব পৰা যায়। প্ৰতিটো পেনেলৰ ওজন প্ৰায় ৩২ কিলোগ্ৰাম আৰু আকাৰ ২.২ মিটাৰ বাই ১.১ মিটাৰ।
এই প্ৰকল্পৰ অধীনত বাৰেকাই ভাৰতৰ প্ৰথমটো আঁতৰ কৰিব পৰা ১৫ কিলোৱাট সৌৰ পেনেল ব্যৱস্থা সক্ৰিয় ৰে’লপথৰ মাজত স্থাপন কৰিছে। ইয়াৰ লগতে বাৰেকাত ইতিমধ্যে ৩৮৫৯ কিলোৱাট শিখৰ ক্ষমতাৰে সৌৰশক্তি কেন্দ্ৰ আছে, যিয়ে প্ৰতি বছৰে প্ৰায় ৪২ লাখ ইউনিট সৌৰশক্তি উৎপাদন কৰে।
১৯৫৬ চনত ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি ড° ৰাজেন্দ্ৰ প্ৰসাদে ইয়াৰ ভেটি স্থাপন কৰিছিল আৰু ১৯৬১ চনত আৰম্ভ হৈছিল। আগতে এই কাৰখানাত ডিজেল ইঞ্জিন নিৰ্মাণ কৰা হৈছিল যদিও ২০১৬ চনত চৰকাৰৰ বৈদ্যুতিক ইঞ্জিন নীতি অহাৰ পিছত ইয়াত ইলেক্ট্ৰিক ইঞ্জিন নিৰ্মাণ আৰম্ভ হয়। প্ৰথম অৱস্থাত মাত্ৰ দুটা ইঞ্জিন নিৰ্মাণ কৰা হৈছিল যদিও এতিয়ালৈকে ইয়াত মুঠ ২৫৩৮টা ইলেক্ট্ৰিক ইঞ্জিন নিৰ্মাণ কৰা হৈছে। ২০২৫ চনৰ জুলাই মাহলৈকে বাৰেকাই মুঠ ১০,৮৬০টা ইঞ্জিন নিৰ্মাণ কৰিছে, য’ত ৮৩১৩টা ডিজেল, ২৫৩৮টা ইলেক্ট্ৰিক, ০৮টা কনভাৰ্চন আৰু ০১টা ডুৱেল মোড ইঞ্জিন আছে।
বেনাৰস ৰে’ল ইঞ্জিন ফেক্টৰীয়ে বহু উৎপাদন অভিলেখ গঢ়ি তুলিছে। ২০২৩ চনৰ ডিচেম্বৰ মাহত প্ৰধানমন্ত্ৰীয়ে ইয়াত নিৰ্মিত ১০,০০০ তম ইঞ্জিন উদ্বোধন কৰে। ২০২৫ চনৰ জানুৱাৰী মাহত এমাহত সৰ্বাধিক ১২৪টা বগী আৰু মাৰ্চ মাহত ৬১টা ইলেক্ট্ৰিক ইঞ্জিন নিৰ্মাণ কৰা হৈছিল। ২০২৪-২৫ বৰ্ষত মুঠ ৪৭৭টা ইঞ্জিন নিৰ্মাণ কৰা হৈছিল, যিটো আজিলৈকে সৰ্বাধিক উৎপাদন। এই পৰ্যন্ত ভেলে পাঁচবাৰ ৰে’লৱেৰ ‘শ্ৰেষ্ঠ উৎপাদন ইউনিট’ বঁটা লাভ কৰিছে।
বহিঃৰাজ্যতো পতাকা উৰুৱাইছে বেনাৰস ৰে’ল ইঞ্জিন ফেক্টৰীয়ে। ১৯৭৬ চনত প্ৰথমবাৰৰ বাবে তাঞ্জানিয়ালৈ ইঞ্জিনটো প্ৰেৰণ কৰাৰ পিছত এতিয়ালৈকে মুঠ ১৭৪টা ইঞ্জিন ১১খন দেশলৈ ৰপ্তানি কৰা হৈছে। বৰ্তমান মোজাম্বিকৰ বাবে ১০টা ইঞ্জিনৰ অৰ্ডাৰ পোৱা গৈছে, ইয়াৰে ২০২৫ চনৰ জুন মাহত দুটা ইঞ্জিন প্ৰেৰণ কৰা হৈছে আৰু বাকীবোৰ ডিচেম্বৰৰ ভিতৰত প্ৰেৰণ কৰা হ’ব।
পৰিৱেশৰ ক্ষেত্ৰতো আগবাঢ়ি আছে বেনাৰস ৰে’ল ইঞ্জিন ফেক্টৰী। ইয়াত ১২ এম এল ডি ক্ষমতাৰ এটা নলা পৰিশোধন প্লাণ্ট আৰু ৩ এম এল ডি ক্ষমতাৰ এটা উদ্যোগিক বর্জ্য পানী পৰিশোধন প্লাণ্টে কাম কৰি আছে৷ আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল যে কাৰখানাৰ পৰা ওলাই অহা কোনো লেতেৰা পানী, পৰিশোধন কৰা হওক বা নহওক, গংগা নদীত এৰি দিয়া নহয়।
ইয়াৰ উপৰিও ভূগৰ্ভস্থ পানী পুনৰ ভৰোৱাৰ বাবে ২৯টা দ কূপ নিৰ্মাণ কৰা হৈছে আৰু জৈৱ সাৰ উৎপাদনৰ বাবে জৈৱ সাৰ উদ্যোগো স্থাপন কৰা হৈছে। ক্ৰীড়া, শিক্ষা, পৰিৱেশ, সাংস্কৃতিক কাৰ্যকলাপ আৰু কৰ্মসংস্থাপনৰ দৰে সামাজিক খণ্ডতো বেনাৰস ৰে’ল ইঞ্জিন ফেক্টৰীয়ে অহৰহ অৱদান আগবঢ়াই আহিছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
