নতুন দিল্লী, ২৯ ডিছেম্বৰ (হি.স.)। সুহেলদেৱ ভাৰতীয় সমাজ পাৰ্টি(সুভাসপা)ৰ সভাপতি ওম প্ৰকাশ ৰাজভৰে শুকুৰবাৰে ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সভাপতি জগত প্ৰকাশ নড্ডাক সাক্ষাৎ কৰে। আগন্তুক লোকসভা নিৰ্বাচন সন্দৰ্ভত নড্ডাৰ সৈতে ৰাজভৰৰ বৈঠক গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে।
বৈঠকৰ অন্তত ৰাজভৰে ইনষ্টাগ্ৰামত লিখিছে, ‘আজি নতুন দিল্লীত বিজেপিৰ সভাপতি নড্ডাক সৌজন্যতামূলক সাক্ষাৎ কৰিছিলো। ইয়াৰ মাজতে উত্তৰ প্ৰদেশ আৰু বিহাৰৰ ৰাজনৈতিক বিষয়বোৰো আলোচনা কৰা হয়। ভৰ আৰু ৰাজভৰ জাতিক অনুসূচিত জনজাতিত অন্তৰ্ভুক্ত কৰাৰ লগতে উত্তৰ প্ৰদেশ চৰকাৰৰ পৰা অতি সোনকালে কেন্দ্ৰীয় চৰকাৰক প্ৰতিবেদন বিচৰাৰ প্ৰস্তাৱ সন্দৰ্ভত গুৰুত্বসহকাৰে আলোচনা কৰা হৈছে বুলিও তেওঁ কয়।
হিন্দুস্থান সমাচাৰ/বিজয়লক্ষ্মী/মনোজ
