কাঠমাণ্ডু, ১৬ ছেপ্টেম্বৰ (হি.স.)। নেপালত থকা ভাৰতৰ ৰাষ্ট্ৰদূত নবীন শ্ৰীবাস্তৱে মঙলবাৰে বিয়লি সিংহ দৰবাৰত অন্তৱৰ্তীকালীন প্ৰধানমন্ত্ৰী সুশীলা কাৰ্কীক সাক্ষাৎ কৰে। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ হৈ আনুষ্ঠানিক অভিনন্দন পত্ৰ প্ৰদান কৰে।
নেপালত অন্তৱৰ্তীকালীন চৰকাৰ গঠন হোৱাৰ পিছত সুশীলা কাৰ্কিৰ সৈতে হোৱা এই বৈঠকক ভাৰতৰ সৈতে বন্ধুত্বপূৰ্ণ সম্পৰ্ক গঢ়ি তোলাৰ প্ৰয়াস হিচাপে গণ্য কৰা হৈছে। মঙলবাৰে বিয়লি ৪ বজাত অনুষ্ঠিত এই সৌজন্যমূলক বৈঠকত বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে ভিডিঅ’ কনফাৰেন্স আলোচনাৰ কাৰ্যসূচী নিৰ্ধাৰণ কৰা হৈছে।
পিএমঅ’ৰ বিষয়াসকলে জনোৱা মতে, প্ৰথম অৱস্থাত আজি বিয়লি ৩:১৫ বজাত ভিডিঅ’ কলৰ পৰিকল্পনা আছিল যদিও সময়সূচীৰ অসুবিধাৰ বাবে বৃহস্পতিবাৰে পুৱা ১১:৩০ বজাত দুয়োপক্ষই সন্মতি প্ৰকাশ কৰে।
हिन्दुस्थान समाचार / অৰৱিন্দ
