নতুন দিল্লী, ২০ ডিচেম্বৰ (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে সশস্ত্ৰ সীমা বল (এছএছবি)ৰ ৬২ সংখ্যক প্ৰতিষ্ঠা দিৱসত সকলো বিষয়া-জোৱানলৈ শুভেচ্ছা জ্ঞাপন কৰে। তেওঁ কয় যে এছ এছ বিৰ অদম্য নিষ্ঠাই সেৱাৰ উচ্চতম পৰম্পৰাক প্ৰতিফলিত কৰে আৰু তেওঁলোকৰ কৰ্তব্যৰ প্ৰতি দায়বদ্ধতাই হৈছে ৰাষ্ট্ৰৰ নিৰাপত্তাৰ সুদৃঢ় ভেটি।
প্ৰধানমন্ত্ৰীয়ে এক্স-প’ষ্টত উল্লেখ কৰে যে দুৰ্গম ভূখণ্ডৰ পৰা প্ৰত্যাহ্বানমূলক কাৰ্যকৰী পৰিস্থিতিলৈকে এছ এছ বি সজাগ আৰু দেশক সুৰক্ষা দিয়াৰ ক্ষেত্ৰত নিয়োজিত হৈ আছে। তেওঁ বাহিনীটোৰ উজ্জ্বল ভৱিষ্যত আৰু অবিৰত সফলতা কামনা কৰে।
গৃহমন্ত্ৰী অমিত শ্বাহে ইয়াৰ প্ৰতিষ্ঠা দিৱসত এছ এছ বিৰ জোৱান আৰু তেওঁলোকৰ পৰিয়াললৈও শুভেচ্ছা জ্ঞাপন কৰে। গৃহমন্ত্ৰীয়ে এক্স-পোষ্টত উল্লেখ কৰে যে সীমান্ত সুৰক্ষাৰ পৰা আৰম্ভ কৰি সংকটৰ সময়ত নাগৰিকৰ সৈতে কান্ধ মিলাই থিয় হোৱালৈকে এছ এছ বিয়ে সদায় ৰাষ্ট্ৰৰ বাবে গৌৰৱ কঢ়িয়াই আনিছে। কৰ্তব্যৰ শাৰীত চূড়ান্ত ত্যাগ কৰাসকলক শ্ৰদ্ধাঞ্জলি জনাই শ্বাহে কয় যে তেওঁলোকৰ এই ত্যাগ সদায় স্মৰণীয় হৈ থাকিব আৰু আগন্তুক প্ৰজন্মক অনুপ্ৰাণিত কৰি যাব।———–
हिन्दुस्थान समाचार / অৰৱিন্দ
