মালি, ২৫ জানুৱাৰী (হি.স.)। পশ্চিম আফ্ৰিকাৰ দেশ মালিত সোণৰ খনি খহি ৭০ জনতকৈ অধিক লোকৰ মৃত্যু হৈছে। মৃত্যুৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে। যোৱা সপ্তাহৰ শেষৰ ফালে এই দুৰ্ঘটনা সংঘটিত হৈছিল যদিও বুধবাৰে চৰকাৰে আনুষ্ঠানিকভাৱে এই দুৰ্ঘটনা আৰু মৃত্যুৰ সংখ্যা নিশ্চিত কৰে।
চৰকাৰৰ ৰাষ্ট্ৰীয় ভূতত্ত্ব আৰু খনি সঞ্চালকালয়ৰ জ্যেষ্ঠ বিষয়া কৰিম বাৰ্থে জনোৱা মতে, শুকুৰবাৰে দক্ষিণ-পশ্চিম কৌলিকোৰো অঞ্চলৰ কংগাবা জিলাত সংঘটিত হয় এই দুৰ্ঘটনা। মঙলবাৰে খনি মন্ত্ৰালয়ে প্ৰকাশ কৰা এক বিবৃতিত এই দুৰ্ঘটনাত বহু লোকৰ মৃত্যু হোৱাৰ আশংকা কৰা হৈছিল। বুধবাৰে স্পষ্ট কৰি দিয়া হৈছিল যে এই দুৰ্ঘটনাত ৭০ জনতকৈ অধিক লোকৰ মৃত্যু হৈছে। ঘটনাস্থলীত অনুসন্ধান অভিযান অব্যাহত থকাৰ বাবে মৃত্যুৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।
দুৰ্ঘটনাটোক লৈ গভীৰ দুখ প্ৰকাশ কৰি খনি মন্ত্ৰালয়ে খনন স্থানৰ ওচৰত বাস কৰা জনগোষ্ঠীসমূহক সুৰক্ষাৰ নিৰ্দেশনা মানি চলিবলৈ আহ্বান জনাইছে।
হিন্দুস্থান সমাচাৰ/সঞ্জীৱ/মনোজ
