নতুন দিল্লী, ১৯ ছেপ্টেম্বৰ (হি স)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ ২০ ছেপ্টেম্বৰ শনিবাৰে গুজৰাট ভ্ৰমণ কৰিব। এই ভ্ৰমণৰ সময়ত তেওঁ ভৱনগৰত সমুদ্ৰৰ পৰা সমৃদ্ধি কাৰ্যসূচীত অংশগ্ৰহণ কৰি প্ৰায় ৩৪,২০০ কোটি টকাৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে ৰাজহুৱা সমাৱেশতো ভাষণ দিব।
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ তথ্য অনুসৰি প্ৰধানমন্ত্ৰীয়ে ভৱনগৰত প্ৰায় ৭,৮৭০ কোটি টকাৰ সামুদ্ৰিক খণ্ডৰ প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। ইয়াৰ ভিতৰত মুম্বাই আন্তঃৰাষ্ট্ৰীয় ক্ৰুজ টাৰ্মিনেল, কলকাতাৰ শ্যামা প্ৰসাদ মুখাৰ্জী বন্দৰত নতুন কণ্টেইনাৰ টাৰ্মিনেল, পাৰাদীপ বন্দৰত নতুন কণ্টেইনাৰ বাৰ্থ আৰু কাৰ্গোৰ সুবিধা, কাণ্ডলাৰ দীনদয়াল বন্দৰত বহুমুখী কাৰ্গো বাৰ্থ আৰু সেউজ বায়’-মিথানল প্লাণ্ট, এননোৰ আৰু চেন্নাই বন্দৰত উপকূলীয় সুৰক্ষাৰ কাম আদি অন্যতম।
ইয়াৰ উপৰিও প্ৰধানমন্ত্ৰীয়ে গুজৰাটত ২৬,৩৫৪ কোটিৰো অধিক মূল্যৰ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। ইয়াৰ ভিতৰত চৰা বন্দৰত এইচ পি এল এন জি পুনৰ গেছিফিকেশন টাৰ্মিনেল, গুজৰাট আই অ’ চি এল শোধনাগাৰত এক্ৰিলিক আৰু অক্সোএলকহল প্ৰকল্প, ৬০০ মেগাৱাট গ্ৰীণ শ্বু ইনিচিয়েটিভ, পি এম-কুছুম আঁচনিৰ অধীনত ৪৭৫ মেগাৱাট সৌৰ ফিডাৰ, ৪৫ মেগাৱাট বদেলি সৌৰ প্ৰকল্প, ধোৰদো গাঁৱৰ সম্পূৰ্ণ সৌৰশক্তি। স্বাস্থ্য, ঘাইপথ, আৰু নগৰীয়া পৰিবহণৰ সৈতে জড়িত প্ৰকল্পসমূহো আৰম্ভ কৰা হ’ব।
বহনক্ষম ঔদ্যোগীকৰণ, স্মাৰ্ট আন্তঃগাঁথনি, আৰু বিশ্ব বিনিয়োগৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলা ঢোলেৰা বিশেষ বিনিয়োগ অঞ্চল (ডি এছ আই আৰ)ৰ আকাশী পৰ্যবেক্ষণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে। ভাৰতৰ প্ৰাচীন সামুদ্ৰিক পৰম্পৰা ৰক্ষাৰ বাবে পৰ্যটন, গৱেষণা, শিক্ষা, আৰু দক্ষতা বিকাশৰ এক প্ৰধান কেন্দ্ৰ হিচাপে গঢ়ি তোলা লোথালত প্ৰায় ৪,৫০০ কোটি টকা ব্যয়েৰে নিৰ্মাণ হৈ থকা ৰাষ্ট্ৰীয় সামুদ্ৰিক ঐতিহ্য পৰিসৰ (এনএমএইচচি)ও পৰিদৰ্শন কৰিব।
हिन्दुस्थान समाचार / অৰৱিন্দ
