পাটনা, ০৬ নৱেম্বৰ (হি.স.)। বিহাৰ বিধানসভাৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ আজি পুৱা ৭ বজাৰ পৰা আৰম্ভ হৈছে। ১৮খন জিলাৰ ১২১খন বিধানসভা আসনৰ বাবে আজি ভোটগ্ৰহণ কৰা হৈছে।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাইজক বিহাৰ বিধানসভা নিৰ্বাচনত ভোট দিবলৈ আহ্বান জনাইছে। তেওঁৰ এক্স পোষ্টত তেওঁ লিখিছে, আজি বিহাৰত গণতন্ত্ৰৰ উদযাপনৰ প্ৰথম পৰ্যায়। বিধানসভা নিৰ্বাচনৰ এই পৰ্যায়ৰ সকলো ভোটাৰকে সম্পূৰ্ণ উৎসাহেৰে ভোটদান কৰিবলৈ আহ্বান জনাইছো। এই উপলক্ষে ৰাজ্যখনৰ মোৰ সকলো যুৱ বন্ধু-বান্ধৱীলৈ মোৰ বিশেষ অভিনন্দন, যিসকলে প্ৰথমবাৰৰ বাবে ভোটদান কৰিবলৈ ওলাইছে। মনত ৰাখিব: প্ৰথমে ভোটদান কৰক, তাৰ পিছত জলপান।
আনহাতে, সমস্তীপুৰৰ কাৰ্পুৰী গাঁৱৰ ৭৩ নম্বৰ বুথত প্ৰথমে ভোটদান কৰে কেন্দ্ৰীয় কৃষি ৰাজ্যিক মন্ত্ৰী ৰামনাথ ঠাকুৰে। ভোটদান কৰাৰ পিছত তেওঁ কয় যে তেওঁ উন্নয়নৰ নামত ভোট দিয়ে। আজিও তেওঁ উন্নয়নৰ নামত ভোট দিছে। জিলাখনত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ আৰম্ভ হৈছে।
পাটনাৰ দীঘাত ৩৯৪ আৰু ৩৯৬ নম্বৰৰ বুথ মিলাৰ হাইস্কুলত ভোটদান কৰে বিহাৰ চৰকাৰৰ মন্ত্ৰী তথা বাংকীপুৰৰ বিজেপি প্ৰাৰ্থী নীতিন নবীনে। মকামা বিধানসভা সমষ্টিৰ পৰা ভোটদান কৰিলে আৰজেডিৰ প্ৰাৰ্থী বীনা দেৱীয়ে।
প্ৰথম পৰ্যায়ৰ বিহাৰ বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ আৰম্ভ হোৱাৰ লগে লগে বৃহস্পতিবাৰে কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপি নেতা গিৰিৰাজ সিঙে নিজৰ জন্ম গাঁও বৰাহিয়াৰ এটা মন্দিৰত প্ৰাৰ্থনা কৰে।
हिन्दुस्थान समाचार / অৰৱিন্দ
