নতুন দিল্লী, ৩০ নৱেম্বৰ (হি.স.)। তেলেংগানা বিধানসভা নিৰ্বাচনৰ বাবে বৃহস্পতিবাৰে অব্যাহত আছে ভোটদান। পুৱা ১১ বজালৈকে ৰাজ্যৰ ১১৯খন বিধানসভা আসনৰ বাবে ২০.৬৪ শতাংশ ভোটদান হৈছিল। পুৱাৰ ভাগত বহু নেতাই ভোটদান কৰে। এনে পৰিস্থিতিত চলচ্চিত্ৰ তাৰকাও পিছ পৰি নাথাকিল। অভিনেতা অল্লু অৰ্জুন, অভিনেতা চিৰঞ্জীৱী, নগা চৈতন্য, ভেংকটেশ, শ্ৰীকান্তেও তেলেংগানা বিধানসভা নিৰ্বাচনত ভোটদান কৰে।
হায়দৰাবাদৰ জুবিলী হিলছ অঞ্চলত ভোটদান কৰিলে ‘পুষ্পা’ খ্যাতিৰ ৰাষ্ট্ৰীয় বঁটা বিজয়ী অল্লু অৰ্জুনে। ভোটদানৰ বাবে তেওঁক শাৰী পাতি থিয় হৈ থকা দেখা গ’ল। ভোটদান কৰাৰ পিছত তেওঁ ছবিখন শ্বেয়াৰ কৰে। অভিনেতা আল্লু অৰ্জুনে সকলোকে ভোট দিবলৈ আহ্বান জনায়।
একেদৰে অভিনেতা চিৰঞ্জীৱীয়েও পৰিয়ালৰ সৈতে ভোটদান কৰে। চিৰঞ্জীৱীৰ লগত আছিল তেওঁৰ পত্নী সুৰেখাও। অভিনেতা জুনিয়ৰ কে টি আৰ, নগা চৈতন্য, ভেংকটেশ, শ্ৰীকান্তকো ভোটদানৰ শাৰীত দেখা গৈছিল। ভোটাৰক ভোট দিবলৈ সকলোৱে আহ্বান জনায়।
হিন্দুস্থান সমাচাৰ/ বিজয়লক্ষ্মী/মনোজ/অৰবিন্দ
