শ্ৰীনগৰ, ১৩ নৱেম্বৰ (হি.স.)। শ্ৰীনগৰ জৈছ-ই-মহম্মদৰ ষড়যন্ত্ৰ আৰু দিল্লী বোমা বিস্ফোৰণৰ তদন্তৰ সৈতে জড়িত কাশ্মীৰ উপত্যকাৰ ১৩টা স্থানত বৃহস্পতিবাৰে কাউণ্টাৰ ইনটেলিজেন্স কাশ্মীৰ চমুকৈ চিআইকেয়ে একেলগে অভিযান চলায়।
চৰকাৰী সূত্ৰই জনোৱা মতে, চলিত সপ্তাহৰ আৰম্ভণিতে লালকিল্লাৰ বিস্ফোৰণৰ সৈতে জড়িত নেটৱৰ্কৰ বহল তদন্তৰ অংশ হিচাপে জম্মু-কাশ্মীৰ চিআইডিয়ে সংগ্ৰহ কৰা চোৰাংচোৱা তথ্যৰ ভিত্তিত এই তালাচী চলোৱা হৈছে। স্থানীয় আৰক্ষী আৰু অন্যান্য নিৰাপত্তা সংস্থাৰ সমন্বয়ত চি আই কে জোৱানৰ কেইবাটাও দলে অভিযান চলাই আছে। নিষিদ্ধ সংগঠন জৈছ-ই-মহম্মদৰ সৈতে জড়িত ব্যক্তিৰ চৌহদত কেন্দ্ৰিত তালাচী চলোৱা হৈছে।
সূত্ৰসমূহে প্ৰকাশ কৰা অনুসৰি এয়া কাশ্মীৰ আৰু দেশৰ অন্যান্য প্ৰান্তত সক্ৰিয় সন্ত্ৰাসবাদী মডিউলসমূহ নিৰ্মূল কৰাৰ তীব্ৰ প্ৰচেষ্টাৰ অংশ।
हिन्दुस्थान समाचार / অৰৱিন্দ
