নতুন দিল্লী, ০৭ ডিছেম্বৰ (হি.স.)। বৃহস্পতিবাৰে তেলেংগানাৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব কংগ্ৰেছ নেতা অনুমুলা ৰেৱন্ত ৰেড্ডীয়ে। কংগ্ৰেছৰ বহু জ্যেষ্ঠ নেতাই এই অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে।
হায়দৰাবাদৰ এল বি ষ্টেডিয়ামত আয়োজিত এক অনুষ্ঠানত ৰাজ্যপাল তামিলিছাই সুন্দৰৰাজনে দিনৰ ১ বজাত ৰেৱন্ত ৰেড্ডীক পদ আৰু গোপনীয়তাৰ শপত গ্ৰহণ কৰিব। ৰেড্ডীয়ে বিদায়ী মুখ্যমন্ত্ৰী কে. চন্দ্ৰশেখৰ ৰাওৰ ঠাই গ্ৰহণ কৰিব। শেহতীয়াকৈ সমাপ্ত হোৱা বিধানসভা নিৰ্বাচনত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল কে চন্দ্ৰশেখৰ ৰাওৰ দল বি আৰ এছ। কংগ্ৰেছে ৬৪খন আসন লাভ কৰি সংখ্যাগৰিষ্ঠতা অৰ্জন কৰিছে।
হিন্দুস্থান সমাচাৰ/সঞ্জীৱ/মনোজ
