চেন্নাই, ০৮ জুলাই (হি.স.)। তামিলনাডুৰ কুড্ডালোৰ জিলাৰ মঙলবাৰে পুৱা ছেমমানকুপ্পামত এখন স্কুল ভ্যান এখন ৰে’লে খুন্দা মৰাৰ ফলত দুজন ছাত্ৰসহ তিনিজন লোকৰ মৃত্যু হয়। এই দুৰ্ঘটনাত ৬ গৰাকী ছাত্ৰ-ছাত্ৰীকে ধৰি ৭ জন লোক আহত হোৱাৰ খবৰ পোৱা গৈছে।
জিলা প্ৰশাসনৰ তথ্য অনুসৰি পুৱা ৭:৪৫ বজাত সংঘটিত হয় এই দুৰ্ঘটনা। স্কুলৰ ভ্যানখনে ৰেলৱে ক্ৰছিং পাৰ হৈ গৈ থকা অৱস্থাত ভিল্লুপুৰম-মাইলাদুথুৰাই যাত্ৰীবাহী ৰে’লখনে ভ্যানখনত খুন্দা মাৰে। সংঘৰ্ষটো ইমানেই ভয়াৱহ আছিল যে ভ্যানখনৰ বেয়াকৈ ক্ষতিসাধন হয়। ভ্যান চালক আৰু ৬ গৰাকী ছাত্ৰ আহত হোৱাৰ লগতে কিছুসংখ্যকৰ অৱস্থা সংকটজনক হৈ পৰে। আহত ছাত্ৰ-ছাত্ৰীক ততাতৈয়াকৈ কুড্ডালোৰ চৰকাৰী চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়, য’ত তেওঁলোকৰ অৱস্থাৰ ওপৰত নজৰ ৰখা হৈছে।
স্থানীয় বিষয়াসকলে নিশ্চিত কৰিছে যে এই দুৰ্ঘটনাত নিমিলেশ (১২) আৰু ডি চাৰুমাথি (১৬) নামৰ দুটি শিশুৰ মৃত্যু হোৱাৰ বিপৰীতে আন্নাদুৰাই (৫৫) নামৰ এজন লোকৰ ছিগা বিদ্যুতৰ তাঁৰৰ সংস্পৰ্শলৈ আহি মৃত্যু হয়। এই দুৰ্ঘটনা সন্দৰ্ভত ৰে’ল বিভাগৰ বিষয়াসকলে তদন্ত আৰম্ভ কৰিছে।
তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিনে এই দুৰ্ঘটনাক লৈ শোক প্ৰকাশ কৰি মৃতকৰ পৰিয়ালক ৫ লাখ টকাৰ ক্ষতিপূৰণ দিয়াৰ কথা ঘোষণা কৰিছে। তেওঁ ছ’চিয়েল মিডিয়াত লিখিছে যে দুৰ্ঘটনাত দুজন ছাত্ৰৰ মৃত্যুৰ মৰ্মান্তিক খবৰ পাই মই স্তম্ভিত আৰু দুখী। মৃত ছাত্ৰ-ছাত্ৰী সকলৰ পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছো।
ক্ষতিপূৰণৰ কথা ঘোষণা কৰি তেওঁ আৰু লিখিছে যে দুৰ্ঘটনাত নিহত শিশুসকলৰ পৰিয়ালক মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা ৫ লাখ টকাকৈ, গুৰুতৰভাৱে আহত আৰু চিকিৎসাধীন হৈ থকা শিশুসকলক ১ লাখকৈ আৰু নাবালক আহত শিশুসকলক ৫০ হাজাৰকৈ টকা দিবলৈ নিৰ্দেশ দিছো।
हिन्दुस्थान समाचार / Monoj Kumar Saikia
