নতুন দিল্লী, ২৫ জুন (হি.স.)। দেশত জাপি দিয়া জৰুৰীকালীন অৱস্থাৰ ৫০ বছৰীয়া জয়ন্তী উপলক্ষে কাইলৈ (বৃহস্পতিবাৰে) ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীৰ ড° আম্বেদকাৰ আন্তঃৰাষ্ট্ৰীয় কেন্দ্ৰত বহুভাষিক সংবাদ সমিতি ‘হিন্দুস্থান সমাচাৰ’ৰ তত্বাৱধানত এক মতাদৰ্শগত আলোচনা চক্ৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ (আৰএছএছ)ৰ সৰকাৰ্যৱাহ দত্তাত্ৰেয় হোছবালে আৰু কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে বিশিষ্ট অতিথিৰূপে অংশগ্ৰহণ কৰিব।
‘সংবিধান হত্যা দিৱস’ বিষয়ৰ ওপৰত আয়োজিত এই কাৰ্যসূচীত জৰুৰীকালীন কলা অধ্যায়ৰ স্মৃতি, শিক্ষা আৰু বাৰ্তাৰ ওপৰত আলোকপাত কৰি আলোচনা বিলোচনা কৰা হ’ব। ইয়াত ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় কলা কেন্দ্ৰ (আইজিএনচিএ)ৰ সভাপতি তথা হিন্দুস্থান সমাচাৰৰ গ্ৰুপৰ সম্পাদক পদ্ম ভূষণ ৰাম বাহাদুৰ ৰায়, ৰাষ্ট্ৰীয় স্বাভিমান আন্দোলনৰ প্ৰতিষ্ঠাপক সভাপতি কে এন গোবিন্দাচাৰ্যৰ দৰে বিশিষ্ট চিন্তাবিদ আৰু জৰুৰীকালীন অৱস্থাৰ সাক্ষীসকলে নিজৰ অভিজ্ঞতা ভাগ-বতৰা কৰিব।
এই সময়ছোৱাত ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় কলা কেন্দ্ৰৰ তত্বাৱধানত ড০ আম্বেদকাৰ আন্তঃৰাষ্ট্ৰীয় কেন্দ্ৰত জৰুৰীকালীন অৱস্থাৰ ওপৰত আধাৰিত এখন প্ৰদৰ্শনী আৰু চুটি ছবি প্ৰদৰ্শন কৰা হ’ব। ইয়াৰ দ্বাৰা যুৱক-যুৱতীসকলে সেই সময়ৰ ৰাজনৈতিক আৰু সামাজিক বাস্তৱতাৰ মুখামুখি হোৱাৰ সুযোগ লাভ কৰিব। ইয়াৰ সমান্তৰালকৈ হিন্দুস্থান সমাচাৰৰ পষেকীয়া আলোচনী ‘যুগবার্তা’ আৰু মাহেকীয়া আলোচনী ‘নৱোত্থান’ৰ জৰুৰীকালীন আধাৰিত বিশেষ সংখ্যাও প্রকাশ কৰা হ’ব ৷
হিন্দুস্থান সমাচাৰৰ মুখ্য সমন্বয়ক ৰাজেশ তিৱাৰীয়ে জানিবলৈ দিয়ামতে, এই কাৰ্যসূচীত বাবা চাহেব ভীমৰাও আম্বেদকাৰে ৰচনা কৰা সংবিধানৰ গুৰুত্বৰ বিষয়ে আলোচনা বিলোচনা কৰা হ’ব। ইয়াৰ লগতে জৰুৰীকালীন সময়ত সংবিধানক একাষৰীয়া কৰি ৰখাৰ ঘটনা আৰু তাৰ পিছত সংবিধান পুনৰুদ্ধাৰ সন্দৰ্ভতো মতামত দাঙি ধৰা হ’ব। এই কার্যসূচীত বিভিন্ন শিক্ষানুষ্ঠানৰ শিক্ষাবিদ, গৱেষক, বিশ্ববিদ্যালয়ৰ ছাত্র-ছাত্রী আৰু বুদ্ধিজীৱীসকলৰ বৃহৎ সংখ্যকে অংশগ্রহণ কৰিব ৷
তিৱাৰীয়ে কয় যে এই কাৰ্যসূচীৰ সভাপতিত্ব কৰিব হিন্দুস্থান সমাচাৰৰ অধ্যক্ষ অৰবিন্দ ভালচন্দ্ৰ মাৰ্ডিকাৰে। অতিথিসকলক আদৰণি জনাব আইজিএনচিএৰ সদস্য সচিব ডঃ সচ্চিদানন্দ যোশীয়ে। শেষত ড° আম্বেদকাৰ আন্তঃৰাষ্ট্ৰীয় কেন্দ্ৰৰ সঞ্চালক আকাশ পাটিলে শলাগৰ শৰাই আগবঢ়াব।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
