নতুন দিল্লী, ০৭ জানুৱাৰী (হি.স.)। ভাৰতীয় জনতা পাৰ্টিয়ে ছিকিমৰ পৰা ৰাজ্যসভাৰ প্ৰাৰ্থী হিচাপে দোৰ্জী ছেৰিং লেপচাৰ নাম ঘোষণা কৰিছে।
ইয়াৰ পূৰ্বে লেপচা ছিকিম ডেম’ক্ৰেটিক ফ্ৰণ্টৰ সদস্য আছিল যদিও পিছত বিজেপিত যোগদান কৰে। ২০১৪ চনৰ পৰা ২০১৯ চনলৈ পৱন চামলিং চৰকাৰৰ গড়কাপ্তানি (বিল্ডিং আৰু হাউছিং) আৰু পৰিবহণ মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। লেপচা ২০১৪ আৰু ২০১৯ চনত গ্নাথাং মাচং সমষ্টিৰ পৰা ছিকিম বিধানসভালৈ নিৰ্বাচিত হৈছিল।
হিন্দুস্থান সমাচাৰ/অনুপ/মনোজ
