– চীন, ৰাছিয়াকে ধৰি কিছু অংশীদাৰ দেশৰ সমকক্ষৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হ’ব প্ৰতিৰক্ষা মন্ত্ৰীগৰাকী
নতুন দিল্লী, ২৪ জুন (হি.স.)। চীনৰ আতিথ্য়ত এইবাৰ চাংহাই সহযোগিতা সংস্থাৰ প্ৰতিৰক্ষা মন্ত্ৰীসকলৰ বৈঠক ২৫-২৬ জুনত কিংডাওত অনুষ্ঠিত হ’ব। ভাৰতৰ উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দলৰ নেতৃত্ব দিব প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে। বৈঠকত ৰাজনাথ সিঙে বিশ্ব শান্তি আৰু নিৰাপত্তাৰ ক্ষেত্ৰত ভাৰতৰ মতামত দাঙি ধৰিব। চীন, ৰাছিয়াকে ধৰি কিছু অংশীদাৰ দেশৰ সমকক্ষৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হ’ব প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে।
প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে সন্ত্ৰাসবাদৰ অন্ত পেলোৱাৰ বাবে যৌথ প্ৰচেষ্টাৰ আহ্বান জনোৱাৰ লগতে এছচিঅ’ৰ ভিতৰত অধিক বাণিজ্য আৰু অৰ্থনৈতিক সহযোগিতাৰ বিষয়ত আলোচনা কৰিব। বৈঠকত বিভিন্ন দেশৰ প্ৰতিৰক্ষা মন্ত্ৰীসকলে আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা, সন্ত্ৰাসবাদ বিৰোধী প্ৰচেষ্টা আৰু এছ চি অ’ৰ সদস্য দেশসমূহৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ মাজত সহযোগিতাকে ধৰি কেইবাটাও বিষয়ত আলোচনা কৰাৰ সম্ভাৱনা আছে। প্ৰতিৰক্ষা মন্ত্ৰীয়ে অঞ্চলটোত সন্ত্ৰাসবাদ আৰু উগ্ৰবাদ নিৰ্মূলৰ বাবে যৌথ আৰু ধাৰাবাহিক প্ৰচেষ্টাৰ আহ্বান জনাব।
প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ তথ্য অনুসৰি এছ চি অ’ৰ ভিতৰত অধিক বাণিজ্য, অৰ্থনৈতিক সহযোগিতা আৰু সংযোগৰ প্ৰয়োজনীয়তাক গুৰুত্ব দিয়া হ’ব বুলি আশা কৰা হৈছে। এছ চি অ’ৰ বৈঠকৰ আঁৰত চীন আৰু ৰাছিয়াকে ধৰি একাংশ অংশীদাৰ দেশৰ প্ৰতিৰক্ষা মন্ত্ৰীৰ সৈতেও দ্বিপাক্ষিক বৈঠকত মিলিত হ’ব ৰাজনাথ সিঙে। অঞ্চলটোত বহুপক্ষীয়তাবাদ, ৰাজনৈতিক, নিৰাপত্তা, অৰ্থনৈতিক আৰু জনসাধাৰণৰ যোগাযোগৰ প্ৰসাৰৰ ক্ষেত্ৰত ভাৰতে এছ চি অ’ক বিশেষ গুৰুত্ব প্ৰদান কৰে। এছ চি অ’ই সাৰ্বভৌমত্ব, জাতিসমূহৰ ভূখণ্ডৰ অখণ্ডতা, আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ নকৰা, সকলো সদস্য দেশৰ পাৰস্পৰিক সন্মান, বুজাবুজি আৰু সমতাৰ নীতিৰ ওপৰত ভিত্তি কৰি নিজৰ নীতি অনুসৰণ কৰে।
২০০১ চনত স্থাপিত আন্তঃচৰকাৰী সংস্থা। ২০১৭ চনত ভাৰতে ইয়াৰ পূৰ্ণ সদস্য হৈ ২০২৩ চনত অধ্যক্ষৰ পদ গ্ৰহণ কৰে। ভাৰতৰ বাহিৰেও এছচিঅ’ৰ সদস্যপদত কাজাখস্তান, চীন, কিৰ্গিস্তান, পাকিস্তান, ৰাছিয়া, তাজিকিস্তান, উজবেকিস্তান, ইৰাণ আৰু বেলাৰুছ অন্তৰ্ভুক্ত। ২০২৫ চনৰ বাবে এছচিঅ’ৰ অধ্যক্ষ পদ গ্ৰহণ কৰিছে চীনে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
