নতুন দিল্লী, ৩০ ছেপ্টেম্বৰ (হি.স.)। ভাৰতৰ মুখ্য প্ৰতিৰক্ষা মুৰব্বী (চিডিএছ) জেনেৰেল অনিল চৌহানে মঙলবাৰে ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ সৈতে সৌজন্যমূলক সাক্ষাৎ কৰে। তেওঁৰ লগতে সেনা বাহিনীৰ মুৰব্বী জেনেৰেল উপেন্দ্ৰ দ্বিবেদী, এয়াৰ ষ্টাফৰ মুৰব্বী, এয়াৰ চিফ মাৰ্শ্বাল এ পি সিং আৰু নৌসেনাৰ মুৰব্বী এডমিৰেল দিনেশ কে ত্ৰিপাঠীও উপস্থিত থাকে।
বৈঠকৰ সময়ত ৰাষ্ট্ৰপতিগৰাকীক তিনিওটা সেৱাৰ প্ৰস্তুতি আৰু প্ৰতিৰক্ষা সম্পৰ্কীয় বিষয়সমূহৰ বিষয়ে অৱগত কৰা হয়। ৰাষ্ট্ৰপতিয়ে সশস্ত্ৰ বাহিনীক তেওঁলোকৰ পেছাদাৰী দক্ষতা, ত্যাগ, আৰু ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰতি অৱদানৰ বাবে প্ৰশংসা কৰে।
ৰাষ্ট্ৰপতি ভৱনে জাৰি কৰা এক বিবৃতিত কয় যে ৰাষ্ট্ৰপতি মুৰ্মুৱে তিনিও সেনাৰ মুৰব্বী আৰু প্ৰতিৰক্ষা মুৰব্বীক কৰ্তব্য পালনত সফলতাৰ শুভেচ্ছা জনাইছে।
हिन्दुस्थान समाचार / অৰৱিন্দ
