১৯৬৫ চনৰ ৬ ছেপ্টেম্বৰ দিনটো ভাৰত-পাকিস্তানী যুদ্ধৰ ইতিহাসত অত্যন্ত গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয়। আজিৰ দিনটোতে ভাৰতীয় সেনাই পাকিস্তানৰ পঞ্জাৱ আৰু ৰাজস্থান ফ্ৰণ্টত বৃহৎ পৰিসৰৰ সামৰিক অভিযান আৰম্ভ কৰে। ভাৰতীয় সৈন্যই লাহোৰ আৰু শিয়ালকোটৰ দিশে দ্ৰুতগতিত আগবাঢ়ি গৈ বহু কৌশলগত অঞ্চল দখল কৰি পাকিস্তানৰ সামৰিক শক্তিক কঠোৰ প্ৰত্যাহ্বান জনায়।
এই যুদ্ধ আছিল জম্মু-কাশ্মীৰত পাকিস্তানে অনুপ্ৰৱেশ কৰাৰ চেষ্টাৰ ফল। ভাৰতীয় সেনাৰ সাহস আৰু কৌশলগত দক্ষতাই পাকিস্তানী সেনাক পিছলৈ ঠেলি দিয়াই নহয়, যুদ্ধৰ জোৱাৰো ভাৰতৰ ফালে ঘূৰাই দিলে। এই কাৰণেই ১৯৬৫ চনৰ ০৬ ছেপ্টেম্বৰৰ এই ঐতিহাসিক আক্ৰমণ ভাৰতীয় সেনাৰ বীৰত্ব আৰু দেশ ৰক্ষাৰ সংকল্পৰ প্ৰতীক হৈ পৰিল।
গুৰুত্বপূৰ্ণ পৰিঘটনা
১৫২২ – আজিৰ দিনটোতে পৃথিৱীৰ চক্ৰান্ত কৰা প্ৰথমখন জাহাজ ভিক্টোৰিয়া স্পেইনলৈ উভতি আহে।
১৭৭৬ – আজিৰ দিনটোতে গুৱাডেলুপ দ্বীপত ধুমুহাত ছহাজাৰৰো অধিক লোকৰ মৃত্যু হয়।
১৮৬৯ – পেনচিলভেনিয়াৰ এভনডেলত খনিৰ অগ্নিকাণ্ডত ১১০ জন লোকৰ মৃত্যু হয়।
১৯০১ – নিউয়ৰ্কৰ বাফেলোত অনুষ্ঠিত হোৱা প্যান আমেৰিকান প্ৰদৰ্শনীত আমেৰিকাৰ ৰাষ্ট্ৰপতি উইলিয়াম মেককিনলিক গুলীয়াই হত্যা কৰা হয়।
১৯০৫ – আটলান্টা লাইফ ইনশ্বুৰেন্স কোম্পানী প্ৰতিষ্ঠা হয়।
১৯১৪ – ফ্ৰান্স আৰু জাৰ্মানীৰ মাজত মাৰ্নে যুদ্ধ আৰম্ভ হয়।
১৯২৪ – ইটালীৰ একনায়কত্ববাদী বেনিটো মুছলিনিৰ হত্যাৰ চেষ্টা ব্যৰ্থ হয়।
১৯৩৯ – দক্ষিণ আফ্ৰিকাই নাজী জাৰ্মানীৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে।
১৯৪৮ – জুলিয়ানা নেদাৰলেণ্ডৰ ৰাণী হয়।
১৯৫২ – মণ্ট্ৰিয়েলত কানাডা টিভিৰ আত্মপ্ৰকাশ হয়।
১৯৬৫ – ভাৰত-পাকিস্তানী যুদ্ধৰ সময়ত জম্মুক লক্ষ্য কৰি পাকিস্তানৰ অপাৰেচন গ্ৰেণ্ড শ্লেমৰ প্ৰতিক্ৰিয়া স্বৰূপে ভাৰতীয় সেনাই পশ্চিম পাকিস্তানক আক্ৰমণ কৰে। আজিৰ দিনটোতে পাকিস্তানত প্ৰতিৰক্ষা দিৱস পালন কৰা হয়।
১৯৬৮ – আফ্ৰিকান দেশ শ্বাজিলেণ্ডে ব্ৰিটেইনৰ পৰা স্বাধীনতা লাভ কৰে।
১৯৭২ – হিন্দুস্তানী শাস্ত্ৰীয় সংগীতৰ কিংবদন্তি উস্তাদ আলাউদ্দিন খানৰ মৃত্যু হয়।
১৯৮৬ – ইস্তানবুলৰ এটা ছিনাগগত আক্ৰমণত ২৩ জন লোক নিহত হয়।
১৯৯১ – ৰাছিয়াৰ ঐতিহাসিক চহৰ চেণ্ট পিটাৰ্ছবাৰ্গে পুনৰ পুৰণি নাম লাভ কৰে।
১৯৯৭ – ৱেলছৰ ৰাজকুমাৰী ডায়েনাক বিশ্বই বিদায় দিয়ে।
১৯৯৮ – জাপানৰ বিখ্যাত চলচ্চিত্ৰ পৰিচালক আকিৰা কুৰোছাৱাৰ মৃত্যু হয়।
২০০০ – ৰাষ্ট্ৰসংঘৰ মহাসচিব কফি আন্নানে ৰাষ্ট্ৰসংঘৰ সহস্ৰাব্দ সন্মিলন উদ্বোধন কৰে।
২০০৩ – পেলেষ্টাইনৰ প্ৰধানমন্ত্ৰী মাহমুদ আব্বাছে পদত্যাগ কৰে।
২০০৬ – মেক্সিকোৰ শাসকীয় কনজাৰ্ভেটিভ পাৰ্টিৰ ফেলিপে কেলডেৰনক নতুন ৰাষ্ট্ৰপতি হিচাপে মনোনীত কৰা হয়।
২০০৭ – ব্ৰিটেইনৰ ‘দ্য হিউমেন ফাৰ্টিলাইজেচন এণ্ড এম্ব্ৰাইল’লজী অথৰিটি’ই মানৱ-প্ৰাণীৰ সংকৰ ভ্ৰূণৰ ওপৰত গৱেষণা কৰাৰ নীতিগত অনুমতি প্ৰদান কৰে।
২০০৮- ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ হিচাপে ডি চুব্বাৰাৱে দায়িত্ব গ্ৰহণ কৰে।
২০০৯- চীনৰ সেনাই লাডাখত ডেৰ কিলোমিটাৰ ভিতৰলৈ অনুপ্ৰৱেশ কৰে।
২০০৯ – কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা পঞ্জাৱৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হৰচৰণ সিং ব্ৰাৰৰ মৃত্যু হয়।
২০১২ – বাৰাক ওবামা আমেৰিকাৰ ৰাষ্ট্ৰপতি পদৰ বাবে ডেম’ক্ৰেটিক পাৰ্টিৰ প্ৰাৰ্থী হয়।
২০১৮ – ভাৰতৰ উচ্চতম ন্যায়ালয়ে সমকামিতাক অপৰাধমুক্ত কৰিলে।
জন্ম
১৮৩৮ চনৰ আজিৰ দিনটোতে পঞ্জাৱৰ মহাৰাজা ৰঞ্জিত সিঙৰ কনিষ্ঠ পুত্ৰ দলিপ সিং।
১৯২৯ – যশ জোহৰ – বলীউডৰ প্ৰযোজক।
১৯৩৭ – এম.অ’.এইচ. ফাৰুক – ভাৰতীয় জাতীয় কংগ্ৰেছৰ ৰাজনীতিবিদ।
১৯৭১ – দেৱাং গান্ধী – ভাৰতীয় ক্ৰিকেটাৰ।
১৯৯৭ – লাভপ্ৰীত সিং – ভাৰতীয় ভাৰোত্তোলক।
মৃত্যু
১৯৬৮ – ইন্দিৰা ৰাজে – বৰোদাৰ ৰাজকুমাৰী
১৯৭২ – উস্তাদ আলাউদ্দিন খান – শাস্ত্ৰীয় সংগীতৰ মহান গুৰু।
১৯৯৮ – আকিৰা কুৰোছাৱা – বিখ্যাত জাপানী পৰিচালক।
২০০৫ – মেজৰ ধন সিং থাপা – ভাৰতীয় জোৱানক পৰম বীৰ চক্ৰৰে সন্মানিত।
২০০৯ – হৰচৰণ সিং বৰাৰ – ভাৰতীয় জাতীয় কংগ্ৰেছৰ ৰাজনীতিবিদ আৰু পঞ্জাৱৰ মুখ্যমন্ত্ৰী।
গুৰুত্বপূৰ্ণ দিন
-ৰাষ্ট্ৰীয় পুষ্টি দিৱস (সপ্তাহ)
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
