নতুন দিল্লী, ১০ অক্টোবৰ (হি.স.)। মধ্যপ্ৰদেশ আৰু ৰাজস্থানত বিষাক্ত কাহৰ চিৰাপৰ ফলত হোৱা শিশুৰ মৃত্যুৰ তদন্ত বিচাৰি দাখিল কৰা আবেদন খাৰিজ কৰিছে উচ্চতম ন্যায়ালয়ে। মুখ্য ন্যায়াধীশ বি.আৰ. গৱাইয়ে আবেদন খাৰিজ কৰাৰ নিৰ্দেশ দিয়ে।
শুকুৰবাৰে শুনানিৰ সময়ত ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই উল্লেখ কৰে যে আবেদনকাৰীসকলে বাতৰি কাকত পঢ়ি আদালতলৈ আহে। প্ৰথম অৱস্থাত আদালতে এই বিষয়ত জাননী জাৰি কৰিবলৈ ওলাইছিল যদিও মেহতাই কোনো ৰাজ্য চৰকাৰক প্ৰতিনিধিত্ব কৰা নাই বুলি উল্লেখ কৰিছিল যদিও তামিলনাডু আৰু মধ্যপ্ৰদেশ চৰকাৰে যি ধৰণে কাম কৰিছে তাক আওকাণ কৰিব নোৱাৰি। তদুপৰি ৰাজ্যসমূহৰ এই সমস্যা সমাধানৰ বাবে ফলপ্ৰসূ আইন আৰু ব্যৱস্থা আছে। পৰৱৰ্তী সময়ত আদালতে আবেদন খাৰিজ কৰে।
অধিবক্তা বিশাল তিৱাৰীয়ে আদালতৰ নিৰীক্ষণত শিশুৰ মৃত্যুৰ তদন্ত বিচাৰি আবেদন দাখিল কৰিছিল। আবেদনখনত এফ আই আৰ আৰু তদন্ত চি বি আইক অৰ্পণ কৰিবলৈ দাবী জনায়। আৱেদনখনত কেন্দ্ৰীয় চৰকাৰৰ পৰা ৰাষ্ট্ৰীয় পৰ্যায়ত ন্যায়িক আয়োগ বা বিশেষজ্ঞৰ টাস্ক ফ’ৰ্চ গঠন কৰিবলৈ নিৰ্দেশ বিচৰা হৈছিল।
তামিলনাডুত নিৰ্মিত ক’লড্ৰিফ কাহ চিৰাপত অত্যধিক পৰিমাণৰ ডাইথাইলিন গ্লাইকল (ডি ই জি) যোগ কৰাৰ বাবে মধ্যপ্ৰদেশ আৰু ৰাজস্থানৰ ষোল্লটা শিশুৰ মৃত্যু হয়, তাৰ পিছত উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰা হয়।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
