• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > National > ইতিহাসৰ পৃষ্ঠাত ৬ নৱেম্বৰঃ ১৯৬২ চনত গঠন হৈছিল ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা পৰিষদ, নিৰাপত্তা নীতিয়ে লৈছিল নতুন দিশ
National

ইতিহাসৰ পৃষ্ঠাত ৬ নৱেম্বৰঃ ১৯৬২ চনত গঠন হৈছিল ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা পৰিষদ, নিৰাপত্তা নীতিয়ে লৈছিল নতুন দিশ

CliQ INDIA
Last updated: November 5, 2025 12:05 pm
CliQ INDIA
Share
3 Min Read
SHARE

ভাৰতৰ ৰাষ্ট্ৰীয় নিৰাপত্তা ব্যৱস্থাৰ বাবে ১৯৬২ চনৰ ৬ নৱেম্বৰৰ দিনটোৱে ঐতিহাসিক তাৎপৰ্য লাভ কৰিছে। আজিৰ দিনটোতে ভাৰত চৰকাৰে ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা পৰিষদ গঠন কৰে, যাৰ উদ্দেশ্য আছিল প্ৰধানমন্ত্ৰীক ৰাষ্ট্ৰীয় নিৰাপত্তা আৰু কৌশলগত বিষয়ত পৰামৰ্শ দিয়া।

চীন-ভাৰত যুদ্ধৰ পিছত দেশখনে প্ৰতিৰক্ষা আৰু বৈদেশিক নীতিৰ মাজত উন্নত সমন্বয়ৰ প্ৰয়োজনীয়তা উপলব্ধি কৰিছিল। এই পটভূমিত প্ৰতিষ্ঠা হোৱা পৰিষদখন দেশৰ নিৰাপত্তা গাঁথনিৰ প্ৰথম আনুষ্ঠানিক প্ৰতিষ্ঠান হিচাপে পৰিগণিত হয়। ইয়াৰ অধ্যক্ষতা কৰে প্ৰধানমন্ত্ৰীয়ে, আনহাতে ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টাগৰাকীয়ে ইয়াৰ সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰে।

পৰিষদৰ কাৰ্যভাৰ পৰম্পৰাগত প্ৰতিৰক্ষাৰ বাহিৰেও সন্ত্ৰাসবাদ, বিদ্ৰোহ বিৰোধী, মহাকাশ, উচ্চ প্ৰযুক্তি, আৰু পৰিৱেশ নিৰাপত্তাৰ দৰে বিষয়সমূহকো সামৰি লৈছে। ভাৰতৰ দীৰ্ঘম্যাদী কৌশলগত নীতি গঢ় দিয়াত ই মূল ভূমিকা পালন কৰিছিল।

পৰৱৰ্তী সময়ত ১৯৯৮ চনত এই গাঁথনিৰ সম্প্ৰসাৰণ হিচাপে ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদ গঠন কৰা হয় আৰু ব্ৰজেশ মিশ্ৰ দেশৰ প্ৰথম ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা হয়।

এইদৰে ১৯৬২ চনৰ ৬ নৱেম্বৰ ভাৰতৰ নিৰাপত্তা নীতিৰ বিকাশৰ ক্ষেত্রত এক মাইলৰ খুঁটি হিচাপে প্রমাণিত হ’ল ৷

গুৰুত্বপূৰ্ণ পৰিঘটনা-

১৭৬৩ – ব্ৰিটিছ বাহিনীয়ে মিৰ কাছিমক পৰাস্ত কৰি পাটনা দখল কৰে।

১৮১৩ – মেক্সিকোৱে স্পেইনৰ পৰা স্বাধীনতা লাভ কৰে।

১৮৪৪ – স্পেইনে ডমিনিকান গণৰাজ্য মুক্ত কৰে।

১৮৬০ – আব্ৰাহাম লিংকন আমেৰিকাৰ ১৭ সংখ্যক ৰাষ্ট্ৰপতি নিৰ্বাচিত হয়।

১৯০৩ – আমেৰিকাই পানামাৰ স্বাধীনতাক স্বীকৃতি দিয়ে।

১৯১৩ – দক্ষিণ আফ্ৰিকাত ভাৰতীয় খনন শ্ৰমিকৰ সমাৱেশৰ নেতৃত্ব দিয়াৰ অপৰাধত মহাত্মা গান্ধীক গ্ৰেপ্তাৰ কৰা হয়।

১৯৪৩ – দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত জাপানে আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ নেতাজী সুভাষ চন্দ্ৰ বসুৰ হাতত অৰ্পণ কৰে।

১৯৪৯ – গ্ৰীচত গৃহযুদ্ধৰ অন্ত পৰে।

১৯৬২ – ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা পৰিষদ গঠন কৰা হয়।

১৯৯০ – নৱাজ শ্বৰীফ পাকিস্তানৰ প্ৰধানমন্ত্ৰী হয়।

১৯৯৪ – আফগানিস্তানৰ বুৰহানুদ্দিন ৰাব্বানী ফৈদে ৰাষ্ট্ৰসংঘৰ আফগান শান্তি পৰিকল্পনাত অনুমোদন জনায়।

১৯৯৮ – পাকিস্তানে চিয়াচেনত যুদ্ধবিৰতিৰ বাবে ভাৰতৰ প্ৰস্তাৱ নাকচ কৰে।

২০০০ – জ্যোতি বসুৱে একেৰাহে ২৩ বছৰ পশ্চিম বংগৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি পদত্যাগ কৰে।

২০০৪ – ৰাছিয়াই কিয়’ট’ প্ৰট’কল অনুমোদন জনায়।

২০০৮ – ভাৰতীয় ষ্টেট বেংকে প্ৰাইম লেণ্ডিং ৰেট (জিএলআৰ) আৰু জমাকাৰীৰ ৰেট কৰ্তন কৰাৰ কথা ঘোষণা কৰে।

২০১৩ – ছিৰিয়াৰ ডামাস্কাছত আত্মঘাতী বোমা বিস্ফোৰণত ৮ জন নিহত, ৫০ জন আহত।

২০১৩ – ইৰাকৰ ৰাজধানী বাগদাদত সংঘটিত আত্মঘাতী আক্ৰমণত ১৫ জন লোকৰ মৃত্যু হয়।

২০১৩ – কিংবদন্তি খেলুৱৈ শচীন তেণ্ডুলকাৰ আৰু বিজ্ঞানী অধ্যাপক চি এন আৰ ৰাওক দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন সন্মানেৰে সন্মানিত কৰাৰ কথা ঘোষণা কৰা হয়।

জন্ম –

১৯৩৭ – যশৱন্ত সিনহা – প্ৰাক্তন অসামৰিক সেৱাৰ বিষয়া আৰু ৰাজনীতিবিদ।

১৯৩৯ – বিজয় কুমাৰ কাৰ্ণিক – ভাৰতীয় বায়ুসেনাৰ পাইলট।

১৯৫৬ – আজিৰ দিনটোতে জিতেন্দ্ৰ সিং (বিজেপি) – ভাৰতীয় জনতা পাৰ্টিৰ ৰাজনীতিবিদ।

১৯৮৬ – ভাবিনা পেটেল – ভাৰতীয় পেৰা-টেবুল টেনিছ খেলুৱৈ।

মৃত্যু-

১৯৫১ – এইচ জে কানিয়া – স্বাধীন ভাৰতৰ প্ৰথম মুখ্য ন্যায়াধীশ।

১৯৮৫ – সঞ্জীৱ কুমাৰ, হিন্দী চলচ্চিত্ৰ অভিনেতা।

২০১০ – সিদ্ধাৰ্থ শংকৰ ৰায় – পশ্চিম বংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা।

গুৰুত্বপূৰ্ণ দিন-

– আন্তঃৰাষ্ট্ৰীয় ৰেড ক্ৰছ দিৱস (সপ্তাহ)।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া

You Might Also Like

উন্নত ভাৰত@২০৪৭: যুৱ কণ্ঠ পদক্ষেপ শুভাৰম্ভ প্ৰধানমন্ত্ৰীৰ
আজমেৰ দৰগাহত প্ৰধানমন্ত্ৰী মোডীৰ চাদৰ উপহাৰ, কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজুৱে আগবঢ়ালে চাদৰ
প্ৰধানমন্ত্ৰী মোদীয়ে উন্মোচন কৰিলে ৰাজেন্দ্ৰ চোল প্ৰথমৰ প্ৰতিচ্ছবি থকা মুদ্ৰা
ধৰ্মান্তৰকৰণ বিৰোধী আইন সন্দৰ্ভত উত্তৰ প্ৰদেশকে ধৰি ৯খন ৰাজ্যক কৈফিয়ত তলব উচ্চতম ন্যায়ালয়ৰ
‘বিশেষ অতিথি’ হিচাপে গণৰাজ্য দিৱসৰ পেৰেড প্ৰত্যক্ষ কৰিব ২৫০টা পেক্সৰ মুৰব্বীসকল

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article আমেৰিকাৰ আটাইতকৈ প্ৰভাৱশালী উপ-ৰাষ্ট্ৰপতি ৰিচাৰ্ড ব্ৰুচ ডিক চেনীৰ মৃত্যু
Next Article ৯২ সংখ্যক নলবাৰী ৰাস মহোৎসৱত ১০ হেজাৰ জনে একেলগে গীত পৰিৱেশন কৰি প্ৰাণৰ শিল্পী জুবিন গাৰ্গক জনাব শ্ৰদ্ধাঞ্জলি
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?