• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > National > ইতিহাসৰ পৃষ্ঠাত ১৬ ডিচেম্বৰ: ভাৰতৰ ঐতিহাসিক বিজয় আৰু বাংলাদেশৰ উত্থান
National

ইতিহাসৰ পৃষ্ঠাত ১৬ ডিচেম্বৰ: ভাৰতৰ ঐতিহাসিক বিজয় আৰু বাংলাদেশৰ উত্থান

CliQ INDIA
Last updated: December 15, 2025 1:56 pm
CliQ INDIA
Share
5 Min Read
SHARE
তেতিয়াৰ ব্ৰিগেডিয়াৰ জেনেৰেল আৰ মিশ্ৰক আগুৰি আছে পূব বঙালী লোকে। আৰ মিশ্ৰই ঢাকাত ভাৰতীয় সেনাৰ নেতৃত্ব দিছিল। পাকিস্তানৰ সৈতে ১৪ দিনীয়া যুদ্ধৰ অন্তত যুদ্ধবিৰতিৰ ওপৰত সহমতত উপনীত হয় আৰু বাংলাদেশৰ জন্ম হয়। ফটো ছ'চিয়েল মিডিয়া

১৯৭১ চনৰ ১৬ ডিচেম্বৰৰ দিনটো ভাৰত উপমহাদেশৰ ইতিহাসত সোণালী আখৰেৰে খোদিত কৰা হৈছে। আজিৰ দিনটোতে ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধবিৰতিৰ চুক্তি হয় আৰু তাৰ লগে লগে পূব পাকিস্তান পৃথক হৈ বিশ্বৰ মানচিত্ৰত স্বতন্ত্ৰ ৰাষ্ট্ৰ—বাংলাদেশ হিচাপে আত্মপ্ৰকাশ কৰে।

১৯৭১ চনৰ যুদ্ধত ভাৰতীয় সেনাই অদম্য সাহস, কৌশলগত বুদ্ধিমত্তা আৰু মানৱীয় সংবেদনশীলতা প্ৰদৰ্শন কৰি পাকিস্তানী সেনাক নিৰ্ণায়কভাৱে পৰাস্ত কৰে। ঢাকাত লেফটেনেণ্ট জেনেৰেল এ.এ.কে.নিয়াজীৰ নেতৃত্বত প্ৰায় ৯৩,০০০ পাকিস্তানী সৈন্যই ভাৰতীয় সেনা আৰু বাংলাদেশ মুক্তি বাহিনীৰ ওচৰত আত্মসমৰ্পণ কৰে। এই আত্মসমৰ্পণক দ্বিতীয় বিশ্বযুদ্ধৰ পিছত সৰ্ববৃহৎ সামৰিক আত্মসমৰ্পণ বুলি গণ্য কৰা হয়।

এই ঐতিহাসিক ঘটনাৰ লগে লগে পূব পাকিস্তানত দীৰ্ঘদিনীয়া অত্যাচাৰ আৰু সংঘাতৰ অন্ত পৰিল, আৰু বাংলাদেশে স্বতন্ত্ৰতাৰ নিশ্বাস ল’লে। ভাৰতত ভাৰতীয় সশস্ত্ৰ বাহিনীৰ ৰাষ্ট্ৰৰ প্ৰতি বীৰত্ব, ত্যাগ, সমৰ্পণৰ প্ৰতীক হিচাপে এই দিনটো বিজয় দিৱস হিচাপে পালন কৰা হয়।

১৬ ডিচেম্বৰত ভাৰতৰ সামৰিক বিজয়ৰ স্মৃতিয়েই নহয়, বাংলাদেশৰ মুক্তিযুদ্ধৰ সফল সমাপ্তি আৰু দক্ষিণ এছিয়াৰ ইতিহাসৰ এক টাৰ্নিং পইণ্টো।

গুৰুত্বপূৰ্ণ পৰিঘটনা

১৬৩১ – ইটালীৰ মাউণ্ট ভেছুভিয়াছত আগ্নেয়গিৰিৰ বিস্ফোৰণত ছখন গাঁও ধ্বংস হয় আৰু ৪ হাজাৰৰো অধিক লোকৰ মৃত্যু হয়।

১৭০৭ – জাপানৰ ফুজি পৰ্বত শেষবাৰৰ বাবে বিস্ফোৰণ ঘটে।

১৮২৪ – গ্ৰেট নৰ্থ হলেণ্ড খাল মুকলি কৰা হয়।

১৮৬২ – আজিৰ দিনটোতে নেপালে সংবিধান গৃহীত হয়।

১৮৮৯ – ৰজা উইলিয়াম আৰু ৰাণী মেৰীয়ে ব্ৰিটিছ সংসদৰ অধিকাৰ ঘোষণাপত্ৰ গ্ৰহণ কৰে, য’ত জনসাধাৰণৰ স্বশাসনৰ অধিকাৰ স্বীকৃতি দিয়া হয়।

১৯২০ – চীনৰ গানছু প্ৰদেশত এক বৃহৎ ভূমিকম্পত এক লাখৰো অধিক লোকৰ মৃত্যু হয়।

১৯২৭ – অষ্ট্ৰেলিয়াৰ কিংবদন্তি বেটছমেন ছাৰ ডন ব্ৰেডমেনে নিউ চাউথ ৱেলছ আৰু চাউথ অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হোৱা এখন খেলত প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত অভিষেক ঘটায়।

১৯২৯ – কলিকতা (বৰ্তমান কলকাতা) বিদ্যুৎ যোগান নিগমে হুগলী নদীৰ তলত এটা নলী খান্দিবলৈ আৰম্ভ কৰে।

১৯৫১ – হায়দৰাবাদত ছালাৰ জং সংগ্ৰহালয় প্ৰতিষ্ঠা হয়।

১৯৫৮ – কলম্বিয়াৰ ৰাজধানী বগোটাৰ এটা গুদামত ব্যাপক অগ্নিকাণ্ডত ৮২ জন লোকৰ মৃত্যু হয়।

১৯৫৯ – আজিৰ দিনটোতে পশ্চিম পাকিস্তানৰ লোৱাৰাই পাছত প্ৰচণ্ড তুষাৰপাতত ৪৮ জন লোকৰ মৃত্যু হয়।

১৯৭১ – – আৰু পাকিস্তানে যুদ্ধবিৰতিৰ বাবে সন্মতি দিয়াৰ পিছত বাংলাদেশ স্বাধীন ৰাষ্ট্ৰলৈ পৰিণত হয়।

১৯৮৫ – তামিলনাডুৰ কল্পকামত প্ৰথম ফাষ্ট ব্ৰিডাৰ টেষ্ট ৰিয়েক্টৰ (এফবিটিআৰ) স্থাপন কৰা হয়।

১৯৯১ – কাজাখস্তানে ছোভিয়েট ইউনিয়নৰ পৰা স্বাধীনতা ঘোষণা কৰে।

১৯৯৩ – নতুন দিল্লীত আৰম্ভ হয় ‘সকলোৰে বাবে শিক্ষা’ সন্মিলন।

১৯৯৪ – পালাউ ৰাষ্ট্ৰসংঘৰ ১৮৫ সংখ্যক সদস্য হয়।

১৯৯৯ – গোলান পাহাৰ সন্দৰ্ভত ছিৰিয়া-ইজৰাইলৰ আলোচনা ব্যৰ্থ হয়।

২০০২ – আজিৰ দিনটোতে বাংলাদেশে ৩১ সংখ্যক বিজয় দিৱস উদযাপন কৰে।

২০০৪ – আজিৰ দিনটোতে দূৰদৰ্শনৰ বিনামূলীয়া ডিটিএইচ সেৱা ‘ডিডি ডাইৰেক্ট+’ প্ৰধানমন্ত্ৰীয়ে আৰম্ভ কৰে।

২০০৬ – নেপালৰ সংবিধান চূড়ান্ত কৰা হয়, ৰজা জ্ঞানেন্দ্ৰক ৰাষ্ট্ৰপতি পদৰ পৰা অপসাৰণ কৰা হয়।

২০০৭ – বাংলাদেশে পাকিস্তানৰ পৰা মুক্তি দিৱস উপলক্ষে ৩৬ সংখ্যক বিজয় দিৱস পালন কৰে।

২০০৮ – কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ শিক্ষকৰ দৰমহা সংশোধন কৰিবলৈ গঠন কৰা চাধা সমিতিৰ পৰামৰ্শত কেন্দ্ৰীয় চৰকাৰে অনুমোদন জনায়।

২০১২ – দিল্লীত চলন্ত বাছত এগৰাকী ২৩ বছৰীয়া ছাত্ৰীক দলবদ্ধ ধৰ্ষণৰ ঘটনাই তীব্ৰ ক্ষোভৰ সৃষ্টি কৰিছিল আৰু জনসাধাৰণৰ আন্দোলনৰ সৃষ্টি হৈছিল। পিছত ভুক্তভোগী যুৱতীগৰাকীয়ে আঘাতপ্ৰাপ্ত হৈ মৃত্যুবৰণ কৰে, আৰু দোষীক মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰা হয়।

২০১৩ – ফিলিপাইনছৰ ৰাজধানী মেনিলাত এখন বাছ বাগৰি ১৮ জন লোকৰ মৃত্যু হোৱাৰ লগতে ২০ জন আহত হয়।

২০১৪ – পাকিস্তানৰ পেছাৱাৰৰ এখন বিদ্যালয়ত তেহৰিক-ই-তালিবানৰ আক্ৰমণত ১৪৫ জন লোকৰ মৃত্যু হয়, ইয়াৰে অধিকাংশই স্কুলীয়া ছাত্ৰ।

জন্ম

১৯৫৯ – এইচ ডি কুমাৰস্বামী – ভাৰতীয় ৰাজনীতিবিদ, ৰাজনৈতিক দল ‘জনতা দল (চেকুলাৰ)ৰ সৈতে জড়িত।

১৯৩৭ – হাৱা সিং – ভাৰতৰ অন্যতম শ্ৰেষ্ঠ বক্সাৰ।

১৮৭৯ – দয়াৰাম সাহনী – বিখ্যাত ভাৰতীয় পুৰাতত্ত্ববিদ।

১৮৫৪ – স্বামী শিৱানন্দ – ৰামকৃষ্ণ অভিযানৰ দ্বিতীয় সংঘাধ্যাক্ষ।

মৃত্যু

১৫১৫ – আলফন্সো ডি আলবাকুৱেৰক – গোৱাৰ পৰ্তুগীজ গৱৰ্ণৰ।

১৯৭১ – দ্বিতীয় লেফটেনেণ্ট অৰুণ ক্ষেত্ৰপাল – পৰম বীৰ চক্ৰ ভাৰতীয় জোৱান হিচাপে সন্মানিত।

১৯৭৭ – ৰূপ সিং – বিখ্যাত ভাৰতীয় হকী খেলুৱৈ।

২০০২ – আজিৰ দিনটোতে শকীলা বানো – এগৰাকী বিখ্যাত ভাৰতীয় মহিলা কাৱৱাল।

২০২২ – দিলীপ মহালানোবিছ – এজন ভাৰতীয় শিশু চিকিৎসক, ডায়েৰিয়া ৰোগৰ চিকিৎসাৰ বাবে ওআৰএছ ব্যৱহাৰৰ পথ প্ৰদৰ্শক হিচাপে পৰিচিত।

গুৰুত্বপূৰ্ণ দিৱস

বিজয় দিৱস (১৬ ডিচেম্বৰ)।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া

You Might Also Like

প্ৰধানমন্ত্ৰীৰ ৫১ হাজাৰৰো অধিক যুৱক-যুৱতীক নিযুক্তি পত্ৰ বিতৰণ
কেৰালাৰ অপ্ট-আউটে দেশজোৰা স্মাৰ্ট মিটাৰ পদক্ষেপত ব্যাঘাত জন্মায়
এংগোলাৰ ৫০ সংখ্যক স্বাধীনতা বাৰ্ষিকী সমাৰোহত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ অংশগ্ৰহণ
অপাৰেচন অজয়ঃ ইজৰাইলৰ পৰা ২৭৪ জন ভাৰতীয়ক লৈ চতুৰ্থখন বিমান নতুন দিল্লীত উপস্থিত
বিৰোধীৰ মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰক অপসাৰণৰ প্ৰচেষ্টা; ১৮০ সাংসদৰ প্ৰস্তাৱ সংসদত।

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article বিশ্বৰ বজাৰসমূহত দুৰ্বলতাৰ লক্ষণ, এছিয়াতো বিক্ৰীৰ চাপ
Next Article খেৰণিৰ সৰু-মাটিখোলাত ভয়ংকৰ পথ দুৰ্ঘটনা
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?