নতুন দিল্লী, ১২ জুলাই (হি.স.)। আজি সমগ্ৰ দেশৰ ৪৭ টা স্থানত ১৬ সংখ্যক চাকৰি মেলা অনুষ্ঠিত হ’ব। এই উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৫১ হাজাৰৰো অধিক নৱনিযুক্ত যুৱক-যুৱতীক নিযুক্তি পত্ৰ বিতৰণ কৰিব। এই তথ্য ভাৰত চৰকাৰৰ প্ৰেছ এণ্ড ইনফৰ্মেশ্যন অফিচে (পি আই বি) চাকৰিমেলাৰ প্ৰাকক্ষণত প্ৰকাশ কৰা এক প্ৰেছ বিজ্ঞপ্তিযোগে প্ৰদান কৰিছে। ইয়াৰ সমান্তৰালকৈ ভাৰতীয় জনতা পাৰ্টিয়ে প্ৰধানমন্ত্ৰী মোডীৰ আজিৰ কাৰ্যসূচীৰ চিত্ৰাংকিত চমু বৰ্ণনাও এক্স হেণ্ডেলত শ্বেয়াৰ কৰিছে।
পিআইবিৰ বিবৃতি অনুসৰি আজি পুৱা প্ৰায় ১১ বজাত প্ৰধানমন্ত্ৰী মোদীয়ে বিভিন্ন চৰকাৰী বিভাগ আৰু সংগঠনৰ ৫১ হাজাৰৰো অধিক নৱনিযুক্ত যুৱক-যুৱতীক ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে সম্বোধন কৰিব। নিয়োগ সৃষ্টিক সৰ্বোচ্চ অগ্ৰাধিকাৰ দিয়াৰ প্ৰধানমন্ত্ৰীৰ প্ৰতিশ্ৰুতি পূৰণৰ দিশত এই চাকৰি মেলা এক বৃহৎ পদক্ষেপ বুলি প্ৰকাশ কৰে।
এই বিবৃতিটোত কোৱা হৈছে যে এই চাকৰি মেলাখনে যুৱক-যুৱতীসকলক সৱল কৰি তোলাৰ লগতে ৰাষ্ট্ৰ নিৰ্মাণত তেওঁলোকৰ অংশগ্ৰহণৰ অৰ্থপূৰ্ণ সুযোগ প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। এই পৰ্যন্ত সমগ্ৰ দেশতে চাকৰি মেলাৰ জৰিয়তে ১০ লাখৰো অধিক নিযুক্তি পত্ৰ জাৰি কৰা হৈছে। আজি সমগ্ৰ দেশৰ ৪৭ টা স্থানত ১৬ সংখ্যক চাকৰি মেলাৰ আয়োজন কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন মন্ত্ৰালয় আৰু বিভাগত এই নিযুক্তি প্ৰদান কৰা হৈছে। নতুন কৰ্মচাৰী সকল ৰে’ল মন্ত্ৰালয়, গৃহ পৰিক্ৰমা মন্ত্ৰালয়, ডাক বিভাগ, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়, বিত্তীয় সেৱা বিভাগ, শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়কে ধৰি অন্যান্য বিভাগ আৰু মন্ত্ৰালয়ৰ অংশ হ’ব।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
