নতুন দিল্লী, ২৫ জুন (হি.স.)। উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখৰে আজি, কাইলৈ আৰু পৰহি (২৫ৰ পৰা ২৭ জুন) উত্তৰাখণ্ডৰ নৈনিতাললৈ তিনিদিনীয়া ভ্ৰমণ কৰিব। এই তথ্য ভাৰত চৰকাৰৰ প্ৰেছ এণ্ড ইনফৰ্মেশ্যন অফিচ (পি আই বি)ৰ এক বিবৃতিত দিয়া হৈছে।
পিআইবিৰ তথ্য অনুসৰি আজি কুমাও বিশ্ববিদ্যালয়ৰ সোণালী জয়ন্তী উদযাপন সমাৰোহৰ সভাপতিত্ব কৰিব উপ-ৰাষ্ট্ৰপতি ধনখৰে। তেওঁ প্ৰতিষ্ঠানখনৰ ছাত্ৰ-ছাত্ৰী আৰু অধ্যাপকসকলক সম্বোধন কৰিব। অহা ২৭ জুনত শ্বেৰউড মহাবিদ্যালয়ৰ ১৫৬ সংখ্যক প্ৰতিষ্ঠা অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব ধনখৰ। এই সময়ত উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে নৈনীতালৰ ৰাজভৱনো পৰিদৰ্শন কৰিব।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
