জম্মু, ০৮ জুলাই (হি.স.)। মঙলবাৰে পুৱা জম্মুৰ ভাগৱতী নগৰ বেছ কেম্পৰ পৰা শ্ৰী অমৰনাথ যাত্ৰালৈ ৰাওনা হৈছে ৭৫০০ৰো অধিক তীৰ্থযাত্ৰী।
বিষয়াসকলে জনোৱা মতে, ৩ জুলাইৰ পৰা উপত্যকাৰ পৰা অনন্তনাগ জিলাৰ পৰম্পৰাগত ৪৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ নুনৱান-পাহলগাম পথ আৰু গণ্ডাৰবল জিলাৰ ১৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ কিন্তু অধিক ঠেক বাল্টাল পথৰ জৰিয়তে দুটা পথেৰে ৩৮ দিনীয়া তীৰ্থযাত্ৰা আৰম্ভ হৈছিল। অহা ৯ আগষ্টত সমাপ্ত হ’ব এই যাত্ৰা।যাত্ৰা আৰম্ভ হোৱাৰ পৰাই শ্ৰী অমৰনাথ গুহাত প্ৰাকৃতিকভাৱে গঠিত শিৱলিং (হিমালিং)ক ৯৪ হাজাৰৰো অধিক তীৰ্থযাত্ৰীয়ে পূজা কৰি আহিছে বুলিও তেওঁ কয়।
বিষয়াসকলে জনোৱা মতে, কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থাৰ মাজতে আজি পুৱা ২.৫৫ৰ পৰা ৪.০৫ বজাৰ ভিতৰত ভাগৱতী নগৰ বেছ কেম্পৰ পৰা ৩০৯খন বাহনেৰে কাশ্মীৰৰ দুয়োটা বেছ কেম্পলৈ ৫৫১৬জন পুৰুষ আৰু ১৭৬৫গৰাকী মহিলাকে ধৰি ৭৫৪১জনীয়া সপ্তম বেটছ ৰাওনা হয়।
তেওঁ কয় যে ১৪৮খন বাহনত ৩,৩২১ গৰাকী তীৰ্থযাত্ৰীক লৈ যোৱা প্ৰথমটো কনভয় গণ্ডাৰবল জিলাৰ ১৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ বাল্টাল পথলৈ ৰাওনা হয়। ইয়াৰ পিছত অনন্তনাগ জিলাৰ ৪৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ পৰম্পৰাগত পহলগাম পথেৰে ১৬১খন বাহনেৰে ৪২২০ গৰাকী তীৰ্থযাত্ৰীৰ দ্বিতীয়টো কনভয় যাত্ৰা কৰি আছে।
২ জুলাইত জম্মুত লেফটেনেণ্ট গৱৰ্ণৰ মনোজ সিনহাই যাত্ৰাৰ শুভাৰম্ভ কৰাৰ পাছৰে পৰা এই পৰ্যন্ত জম্মু বেছ কেম্পৰ পৰা মুঠ ৪৭,৯০২ গৰাকী তীৰ্থযাত্ৰী উপত্যকালৈ ৰাওনা হৈছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
