ৰাঁচী, ০৬ ডিছেম্বৰ (হি.স.)। আয়কৰ বিভাগৰ দলসমূহে আজি (বুধবাৰে) কংগ্ৰেছ ৰাজ্যসভাৰ সদস্য ধীৰাজ প্ৰসাদ সাহুৰ ৰাঁচী, লোহাৰদাগা আৰু ওড়িশাৰ পাঁচটা স্থানত অভিযান চলাই জৰীপ আৰম্ভ কৰিছে।
উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে ২০১৯ চনৰ ১২ ডিচেম্বৰত আয়কৰ বিভাগৰ দলটোৱে ৰাঁচী বিমানবন্দৰৰ পৰা উদ্ধাৰ হোৱা ৩০ লাখ টকাৰ গোচৰত কংগ্ৰেছ সাংসদ সাহুৰ ঘৰত অভিযান চলাইছিল। আয়কৰ বিভাগৰ বিষয়াসকলে সাংসদগৰাকীৰ লোহাৰদাগাস্থিত পূৰ্বপুৰুষৰ ঘৰত তালাচী চলাইছিল ।
হিন্দুস্থান সমাচাৰ/বন্দনা/মনোজ
