• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > International > ৰিঅ’ ঘোষণা: বিশ্ব দক্ষিণ সহযোগিতা আৰু বিশ্ব ব্যৱস্থাৰ পৰিৱৰ্তন শক্তিশালী কৰাত গুৰুত্ব আৰোপ
International

ৰিঅ’ ঘোষণা: বিশ্ব দক্ষিণ সহযোগিতা আৰু বিশ্ব ব্যৱস্থাৰ পৰিৱৰ্তন শক্তিশালী কৰাত গুৰুত্ব আৰোপ

CliQ INDIA
Last updated: July 7, 2025 9:02 am
CliQ INDIA
Share
3 Min Read
SHARE

নতুন দিল্লী, ০৭ জুলাই (হি.স.)। ব্ৰাজিলত দেওবাৰে অনুষ্ঠিত ব্ৰিকছ প্লাছ সন্মিলনত গ্ৰহণ কৰা ‘ৰিঅ’ ঘোষণাপত্ৰ’ত উন্নয়নশীল দেশসমূহৰ মাজত সহযোগিতা বৃদ্ধি, বিশ্বৰ প্ৰতিষ্ঠানসমূহৰ সংস্কাৰ, আৰু সৰ্বাংগীন আৰু বহনক্ষম উন্নয়নক প্ৰসাৰিত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। একে সময়তে সন্ত্ৰাসবাদৰ ক্ষেত্ৰত কঠোৰ স্থিতি গ্ৰহণ কৰা হৈছে।

সন্মিলনৰ পিছত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে ‘ৰিঅ’ ডি জেনেইৰ’ ঘোষণা – অধিক অন্তৰ্ভুক্ত আৰু বহনক্ষম শাসনৰ বাবে গ্ল’বেল দক্ষিণ সহযোগিতা শক্তিশালী কৰা’ এক যৌথ ঘোষণা জাৰি কৰে। ই উন্নয়নশীল দেশসমূহৰ মাজত সহযোগিতা আৰু সংহতিক উৎসাহিত কৰে।

এই ঘোষণাপত্ৰত ৰাষ্ট্ৰসংঘৰ সমসাময়িক ভূ-ৰাজনৈতিক বাস্তৱতা অনুসৰি ব্যাপক সংস্কাৰৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে, বিশেষকৈ নিৰাপত্তা পৰিষদ, আই এম এফ আৰু বিশ্ব বেংকৰ দৰে প্ৰতিষ্ঠানত সংস্কাৰৰ আলোকপাত কৰা হৈছে। এই ঘোষণাই ২০৩০ চনৰ বহনক্ষম উন্নয়ন কাৰ্যসূচীৰ প্ৰতি দায়বদ্ধতাক পুনৰ উল্লেখ কৰিছে আৰু সৰ্বাংগীন বৃদ্ধি, দৰিদ্ৰতা নিৰ্মূলকৰণ আৰু বৈষম্যৰ সমাধানৰ প্ৰয়োজনীয়তাৰ ওপৰত আলোকপাত কৰিছে।

এই ঘোষণাই জলবায়ু পৰিৱৰ্তনৰ সৈতে মোকাবিলা কৰিবলৈ উমৈহতীয়া কিন্তু পৃথক দায়িত্বৰ নীতিক পুনৰ দৃঢ় কৰিছে। ইয়াত উন্নয়নশীল দেশসমূহৰ বাবে জলবায়ু বিত্ত, প্ৰযুক্তি হস্তান্তৰ আৰু সামৰ্থ্য বিকাশৰ আহ্বান জনোৱা হৈছে। ইয়াৰ উপৰিও স্বাস্থ্য, ডিজিটেল প্ৰযুক্তি, খাদ্য আৰু শক্তি সুৰক্ষাৰ দৰে ক্ষেত্ৰত সহযোগিতাৰ আহ্বান জনাইছে।

এই ঘোষণাত বাণিজ্য আৰু বিত্তীয় খণ্ডত স্থানীয় মুদ্ৰাৰ ব্যৱহাৰক উৎসাহিত কৰাৰ আহ্বান জনোৱা হৈছে। ইয়াৰ উপৰিও অন্যান্য উন্নয়নশীল অঞ্চলসমূহ—আফ্ৰিকা, লেটিন আমেৰিকা, কেৰিবিয়ান আৰু আছিয়ান দেশসমূহৰ সৈতে অংশীদাৰিত্ব শক্তিশালী কৰাৰ আহ্বান জনোৱা হৈছে।

ৰিঅ’ ঘোষণাপত্ৰই সন্ত্ৰাসবাদক “অপৰাধমূলক আৰু অযুক্তিকৰ” বুলি ঘোষণা কৰিছে আৰু ইয়াৰ সকলো ধৰণৰ সন্ত্ৰাসক কঠোৰভাৱে নিন্দা কৰিছে। বিশেষকৈ পহলগাম আক্ৰমণক তীব্ৰ গৰিহণা দিয়া হৈছে।

গোটটোৱে কয় যে সকলো ধৰণৰ সন্ত্ৰাসবাদ—উগ্ৰ হিংসা, সীমা অতিক্ৰম কৰি সন্ত্ৰাসবাদ, বিত্তীয় সাহায্য আৰু আশ্ৰয়ৰ বিৰুদ্ধে যুঁজিবলৈ “শূন্য সহনশীলতা” নীতি গ্ৰহণ কৰাৰ প্ৰয়োজনীয়তা আছে আৰু দ্বৈত মানদণ্ড পৰিত্যাগ কৰাৰ প্ৰয়োজন আছে। ইয়াৰ জৰিয়তে ৰাষ্ট্ৰসংঘত আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদ সন্ধি আগতীয়াকৈ কাৰ্যকৰী কৰাৰ আহ্বান জনোৱা হৈছে।

ৰিঅ’ ঘোষণাপত্ৰত খাদ্য সুৰক্ষা, কৃত্ৰিম বুদ্ধিমত্তা (এআই) আৰু প্ৰযুক্তিগত সমতাৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হৈছে। ঘোষণাত উল্লেখ কৰা হৈছে যে উন্নয়নশীল দেশসমূহক সুলভ, নিৰাপদ আৰু বহনক্ষম খাদ্য যোগান নিশ্চিত কৰিব লাগে। ইয়াৰ বাবে স্থিতিস্থাপকতা, স্থানীয় কৃষি উৎপাদন আৰু ন্যায্য বাণিজ্যক প্ৰসাৰিত কৰাৰ আহ্বান। লগতে ডিজিটেল প্ৰযুক্তি আৰু ইণ্টাৰনেটৰ সমান সুবিধা নিশ্চিত কৰাৰ আহ্বান। এআইৰ ক্ষেত্ৰত নৈতিক ব্যৱহাৰ, স্বচ্ছতা আৰু বৈষম্যহীন বিকাশৰ নীতিসমূহ পালন কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে, যাতে ডিজিটেল বৈষম্য বৃদ্ধি নহয়।

ৰিঅ’ ঘোষণাপত্ৰত সংঘাত সমাধানৰ বাবে শান্তিপূৰ্ণ ব্যৱস্থা আৰু আলোচনাৰ অগ্ৰাধিকাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। ইয়াত সাৰ্বভৌমত্ব, ভূখণ্ডৰ অখণ্ডতা আৰু আন্তঃৰাষ্ট্ৰীয় আইনৰ নীতি অনুসৰণ কৰাৰ কথা কোৱা হৈছে। ঘোষণাত কঠোৰভাৱে উল্লেখ কৰা হৈছে যে কোনো বিবাদ সামৰিক উপায়েৰে সমাধান কৰিব নালাগে। লগতে বহুপক্ষীয়তাক বিশ্ব সহযোগিতাৰ ভিত্তি হিচাপে অভিহিত কৰা হৈছে। ইয়াত নিয়মভিত্তিক, স্বচ্ছ আৰু সৰ্বাংগীন আন্তঃৰাষ্ট্ৰীয় ব্যৱস্থাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া

You Might Also Like

জলগাঁও ৰে’ল দুৰ্ঘটনাত নিহতসকলৰ ভিতৰত চাৰিজন নেপালী নাগৰিক | BulletsIn
**ইৰানে আমেৰিকা-ইজৰাইলৰ আক্ৰমণৰ পিছতো শক্তিশালী মিছাইল ক্ষমতা বজাই ৰাখিছে, সামৰিক প্ৰভাৱক লৈ উত্থাপিত হৈছে প্ৰশ্ন**
টেক্সাছ বিধানসভাৰ পুনৰ সীমা নিৰ্ধাৰণ মানচিত্ৰত অনুমোদন, ৰিপাব্লিকানসকলৰ পথ প্ৰশস্ত
ইমৰাণৰ দলৰ বিৰুদ্ধে কঠো সেনা, ইয়াক অবৈধ ৰাজনৈতিক মাফিয়া বুলি অভিহিত | BulletsIn
চীনৰ ৰাষ্ট্ৰপতি জিনপিঙৰ সৈতে মোডীৰ বৈঠক– বিশ্বাস, সন্মান আৰু সংবেদনশীলতাৰ ভিত্তিত সম্পৰ্কক আগুৱাই নিযাৰ গুৰুত্ব

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article হোজাইত ৰে’ল আৰক্ষীৰ অভিযানত ড্ৰাগছ সহ আটক এটা সৰবৰাহকাৰী
Next Article কুৰুক্ষেত্ৰত নিৰ্মাণ হ’ব গীতাৰ ১৮টা অধ্যায়ৰ সৈতে সংযোজিত দ্বাৰ
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?