অষ্টিন (টেক্সাছ) আমেৰিকা যুক্তৰাষ্ট্ৰ, ২১ আগষ্ট (হি.স.)। টেক্সাছৰ বিধানসভাই বুধবাৰে পুনৰ সীমা নিৰ্ধাৰণ কৰা মানচিত্ৰখনত অনুমোদন জনায়। এই অনুমোদনক ৰাষ্ট্ৰপতি ড’নাল্ড জে ট্ৰাম্পৰ বাবে এক ডাঙৰ জয় বুলি অভিহিত কৰা হৈছে। বৃহস্পতিবাৰে ছিনেটত এই সন্দৰ্ভত ভোটগ্ৰহণ কৰা হ’ব। অনুমান কৰা হৈছে যে ছিনেটৰ অনুমোদন পোৱাৰ পিছত মধ্যকালীন নিৰ্বাচনত ৰিপাব্লিকান পাৰ্টিয়ে আমেৰিকাৰ সদনৰ আৰু পাঁচখন আসন লাভ কৰাৰ পথ সহজ হৈ পৰিব।
দ্য নিউয়ৰ্ক টাইমছৰ বাতৰি অনুসৰি টেক্সাছ বিধানসভাত আঠ ঘণ্টাৰো অধিক সময় ধৰি চলি থকা উত্তেজনা আৰু আৱেগিক বিতৰ্কৰ অন্তত চূড়ান্ত ভোট ৮৮-৫২ ব্য়ৱধানত দলীয় লাইনত লোৱা হয়। ইয়াৰ পিছত ডেম’ক্ৰেটিক পাৰ্টিৰ সদস্যসকলে হুলস্থুলৰ সৃষ্টি কৰি সদনৰ পৰা ওলাই আহিল। বৃহস্পতিবাৰে সন্ধিয়াৰ ভিতৰত ছিনেটত পুনৰ অংকন কৰা মানচিত্ৰত ভোটদানৰ সম্ভাৱনা আছে। ছিনেটৰ অনুমোদনৰ পিছত সপ্তাহৰ শেষৰ ফালে স্বাক্ষৰৰ বাবে গৱৰ্ণৰ গ্ৰেগ এবটলৈ প্ৰেৰণ কৰা হ’ব।
আনহাতে, বৃহস্পতিবাৰে কেলিফৰ্ণিয়াৰ বিধানসভাত নতুন কংগ্ৰেছৰ সীমা নিৰ্ধাৰণ মানচিত্ৰত ভোটদানৰ সম্ভাৱনা আছে। ৰিপাব্লিকান দলৰ হাতত থকা পাঁচখন আসনে ডেম’ক্ৰেট দলৰ পক্ষত থাকিবলৈ সাজু হৈছে। ইতিমধ্যে ট্ৰাম্প আৰু তেওঁৰ মিত্ৰসকলে টেক্সাছৰ বাহিৰেও ইণ্ডিয়ানা, মিছৌৰী আৰু ফ্ল’ৰিডাকে ধৰি অন্যান্য ৰিপাব্লিকান ৰাজ্যলৈ চাই আছে। কেলিফৰ্ণিয়াৰ উপৰিও ডেম’ক্ৰেটিক দলৰ নেতাসকলে ২০২৬ চনৰ মধ্যকালীন নিৰ্বাচনৰ পূৰ্বে ইলিনয়, মেৰিলেণ্ড আৰু ২০২৮ চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ পূৰ্বে নিউয়ৰ্কত চকু ৰাখিছে।
বুধবাৰে হাউছ বিল ৪ নামেৰে জনাজাত মেপ বিলখন উত্থাপন কৰি কৰ্পাছ ক্ৰীষ্টিৰ ৰিপাব্লিকান ৰাজ্যিক প্ৰতিনিধি টড হাণ্টাৰে কয় যে, “এই পৰিকল্পনাৰ মৌলিক লক্ষ্য হৈছে ৰিপাব্লিকানসকলৰ ৰাজনৈতিক প্ৰদৰ্শন উন্নত কৰা।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
