
হোজাই, ০৭ জুলাই (হি.স.): হোজাইত যোৱাকালি দেওবাৰে বিয়লি ৰে’ল আৰক্ষীৰ অভিযানত ড্ৰাগছ সহ আটক হয় এটা সৰবৰাহকাৰী। নামনিমুৱা বি জি এক্সপ্ৰেছ ট্ৰেইনত অভিযান চলাই ৰে’ল আৰক্ষীয়ে ড্ৰাগছ সহ আটক কৰে সৰবৰাহকাৰীটোক।
ৰে’ল আৰক্ষীয়ে গোপন সূত্ৰে ৰে’লত অভিযান চলাই এজন লোকক তালাচি চলাই জব্দ কৰে ৭ টা ড্ৰাগছ ভৰ্তি চাবোন বক্স। ধৃত সৰবৰাহকাৰী জন ধুবুৰীৰ আব্দুল ৰুফ আহমেদ বুলি পৰিচয় পোৱা গৈছে । জব্দকৃত ড্ৰাগছ খিনিৰ আনুমানিক বজাৰ মূল্য প্ৰায় ১কোটি টকা। সৰবৰাহকাৰী জনে লামডিঙৰ পৰা ধুবুৰী লৈ নি আছিল এই সন্দেহ যুক্ত ড্ৰাগছখিনি। ৰে’ল আৰক্ষীয়ে ধৃত সৰবৰাহকাৰী জনক হোজাই ৰেল ষ্টেচনত নমাই অব্যাহত ৰাখিছে তদন্ত।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
