কাঠমাণ্ডু, ১৬ ছেপ্টেম্বৰ (হি.স.)। অন্তৱৰ্তীকালীন প্ৰধানমন্ত্ৰী সুশিলা কাৰ্কিয়ে নেপালৰ বিখ্যাত নেত্ৰ চিকিৎসক ডাঃ সন্দুক ৰুইটক চৰকাৰত যোগদানৰ প্ৰস্তাৱ দিছিল যদিও তেওঁ চৰকাৰৰ অংশ হ’বলৈ অস্বীকাৰ কৰিছে। ড° ৰুইটক ভাৰত চৰকাৰে পদ্মশ্ৰী বঁটা প্ৰদান কৰিছে।
সস্তীয়া আৰু ফলপ্ৰসূ চকুৰ ছানি পৰা অস্ত্ৰোপচাৰৰ বাবে পৰিচিত ডাঃ সন্দুক ৰুইট হৈছে নেপালৰ এজন বিখ্যাত চকুৰ চিকিৎসক । তেওঁ এছিয়া আৰু আফ্ৰিকাৰ লাখ লাখ লোকৰ দৃষ্টিশক্তি ঘূৰাই আনিছে। ভাৰতত চিকিৎসা বিজ্ঞানৰ শিক্ষা গ্ৰহণ কৰাৰ পিছত তেওঁ কিং জৰ্জ মেডিকেল কলেজ আৰু দিল্লীৰ এইমছত প্ৰশিক্ষণ লয়। ডাঃ ৰুইটে ‘হিমালয়ান কেটাৰেক্ট প্ৰজেক্ট’ৰ সহ-প্ৰতিষ্ঠাপক। ভাৰতৰ পদ্মশ্ৰী বঁটাকে ধৰি বহু আন্তৰ্জাতিক বঁটাৰে সন্মানিত হৈছে।
মঙলবাৰে কাঠমাণ্ডুৰ তিলগংগা চকু চিকিৎসালয় ভ্ৰমণৰ সময়ত অন্তৱৰ্তীকালীন প্ৰধানমন্ত্ৰী কাৰ্কীয়ে ডাঃ ৰুইটক অন্তৱৰ্তীকালীন চৰকাৰত যোগদান কৰিবলৈ আমন্ত্ৰণ জনায়। ইয়াৰ উত্তৰত ডাঃ ৰুইটে কয় যে মই চৰকাৰক সমৰ্থন কৰিম, কিন্তু মই চৰকাৰৰ অংশ হ’ব নোৱাৰো। ডাঃ ৰুইটে কয় যে তেওঁ চিকিৎসালয়ৰ দায়িত্ব আৰু ৰোগীক এৰি চৰকাৰত যোগদান কৰিব নোৱাৰে।
ডাঃ ৰুইটক চিকিৎসা অৱদানৰ বাবে ২০১৮ চনত ভাৰত চৰকাৰে চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰিছিল। এই সন্মান তেওঁ তেতিয়াৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ পৰা লাভ কৰিছিল।
हिन्दुस्थान समाचार / অৰৱিন্দ
