নতুন দিল্লী, ১৬ ছেপ্টেম্বৰ (হি.স.)। আয়কৰ বিভাগে আয়কৰ ৰিটাৰ্ণ (আই টি আৰ) দাখিল কৰিবলৈ আৰু এদিনৰ সময় দিছে। ই-ফাইলিং পৰ্টেলত কৰদাতাসকলে সমস্যা, গ্লিচ আৰু চাৰ্ভাৰৰ টাইমআউটৰ অভিযোগ উত্থাপন কৰাৰ বাবেই আজিৰ ৰিটাৰ্ণ দাখিলৰ সুযোগ প্ৰদান কৰিছে বিভাগে।
কেন্দ্ৰীয় প্ৰত্যক্ষ কৰ ব’ৰ্ডে মঙলবাৰে প্ৰকাশ কৰা অনুসৰি ২০২৫-২৬ চনৰ মূল্যায়ন বৰ্ষৰ আয়কৰ ৰিটাৰ্ণ (আইটিআৰ) দাখিলৰ অন্তিম তাৰিখ ৩১ জুলাইৰ পৰা ১৫ ছেপ্টেম্বৰলৈ বৃদ্ধি কৰা হৈছে। এতিয়া আজি আৰু এদিনৰ সুযোগ দিবলৈ আয়কৰ ৰিটাৰ্ণ দাখিলৰ অন্তিম তাৰিখ ১৫ ছেপ্টেম্বৰৰ পৰা বৃদ্ধি কৰাৰ সিদ্ধান্ত লোৱা হৈছে।
আয়কৰ বিভাগৰ তথ্য অনুসৰি আইটিআৰ দাখিলৰ মূল সময়সীমা ১৫ ছেপ্টেম্বৰৰ সন্ধিয়ালৈকে ৭.৩ কোটিতকৈ অধিক আয়কৰ ৰিটাৰ্ণ দাখিল কৰা হৈছিল।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
