ইছলামাবাদ, ১১ আগষ্ট (হি.স.)। পাকিস্তানৰ বেলুচিস্তানৰ স্থানীয় আৰক্ষীয়ে বিগত ১৮ জুলাইত ফ্ৰন্টিয়াৰ কৰ্পছৰ গুলীচালনাত নিহত হোৱা এজন যুৱকক হত্যা কৰাৰ অভিযোগত প্ৰতিবাদৰ সন্দৰ্ভত ভুক্তভোগীৰ আত্মীয় আৰু আন একাংশৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে।
বেলুচিস্তান পোষ্টৰ বাতৰিয়ে দাবী কৰা মতে, ১৮ জুলাইত চাগাই জিলাৰ নোকুণ্ডি অঞ্চলত এফ চিৰ গুলীচালনাত আমানুল্লাহৰ পুত্ৰ শ্বাহ দাৰৰ মৃত্যু হৈছিল। ঘটনাৰ পিছতে স্থানীয় ৰাইজৰ লগতে শ্বাহদাৰৰ পৰিয়াল আৰু আত্মীয়ই প্ৰতিবাদ সাব্যস্ত কৰে। মৃতদেহটো বাব উমৰ চকত ৰাখি পথ ৰুদ্ধ কৰি দিয়ে।
যুৱকজনৰ হত্যাকাণ্ডৰ লগত জড়িত বিষয়াসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনায় প্ৰতিবাদকাৰীসকলে। কিন্তু আৰক্ষীয়ে বাহিনীটোৰ বিষয়াসকলৰ বিৰুদ্ধে কোনো ব্যৱস্থা লোৱাৰ বিপৰীতে এতিয়া প্ৰতিবাদকাৰীৰ বিৰুদ্ধে আৰক্ষী আৰু এফ চিক আক্ৰমণ কৰাৰ গোচৰ ৰুজু কৰা হৈছে। এই গোচৰত কেইবাজনো লোকৰ নাম উল্লেখ কৰিছে আৰক্ষীয়ে।
প্ৰত্যক্ষদৰ্শীৰ মতে, ১৮ জুলাইত শ্বাহ দাৰৰ মৃত্যুৰ পিছত এফ চিয়ে তেওঁৰ মৃতদেহ জিম্মাত লৈছিল। আনকি পৰিয়ালৰ লোকক মৃতদেহৰ ওচৰলৈ যাবলৈ দিয়া নহ’ল। ইয়াৰ বাবেই এই প্ৰতিবাদ সংঘটিত হৈছিল। প্ৰত্যক্ষদৰ্শী আৰু ছ’চিয়েল মিডিয়াত প্ৰচাৰিত ভিডিঅ’ৰ মতে, প্ৰতিবাদৰ সময়ত নিৰাপত্তা বাহিনীয়ে প্ৰতিবাদকাৰীৰ ওপৰত শূণ্যলৈ গুলীচালনা কৰে, যাৰ ফলত পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
