• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > International > বৰ্ধিত মুদ্ৰাস্ফীতিয়ে সমগ্ৰ ইৰাণতে যোগাইছে খামনেই বিৰোধী প্ৰতিবাদৰ ইন্ধন
International

বৰ্ধিত মুদ্ৰাস্ফীতিয়ে সমগ্ৰ ইৰাণতে যোগাইছে খামনেই বিৰোধী প্ৰতিবাদৰ ইন্ধন

CliQ INDIA
Last updated: January 3, 2026 1:31 pm
CliQ INDIA
Share
3 Min Read
SHARE

তেহৰাণ, ০৩ জানুৱাৰী (হি.স.)। অৰ্থনৈতিক সংকট, আন্তঃৰাষ্ট্ৰীয় নিষেধাজ্ঞা আৰু বৃদ্ধি পোৱা মুদ্ৰাস্ফীতিৰ বাবে জনসাধাৰণৰ অসন্তুষ্টিৰ সৈতে যুঁজি সমগ্ৰ ইৰাণতে চৰকাৰ বিৰোধী প্ৰতিবাদ বিয়পি পৰিছে। দেশৰ ক্ৰমবৰ্ধমান অৰ্থনৈতিক সংকটে বৰ্তমানৰ পৰিস্থিতি আৰু অধিক ভয়াৱহ কৰি তুলিছে। বিগত ২০২৫ চনৰ ২৮ ডিচেম্বৰৰ পৰা আৰম্ভ হোৱা এই প্ৰতিবাদে শুকুৰবাৰে ৰাজধানী তেহৰাণকে ধৰি দেশৰ বিভিন্ন প্ৰান্তত তীব্ৰ গতি লাভ কৰিছে।

মিডিয়া গ্ৰুপ ইৰাণ ইণ্টাৰনেশ্যনেলৰ মতে, ইৰাণৰ ৰাজধানীত দুদিনীয়া শান্তিৰ অন্তত শুকুৰবাৰে নিশা তেহৰানৰ পূব আৰু পশ্চিম জিলাত ৰাজপথলৈ ওলাই আহিল প্ৰতিবাদকাৰী। মাছহাদ আৰু কুমৰ দৰে পবিত্ৰ চহৰতো একেধৰণৰ বিক্ষোভ অনুষ্ঠিত হয়। দেশৰ অশান্ত দক্ষিণ-পূব অঞ্চলত অৱস্থিত জাহেদানত শুকুৰবাৰৰ নামাজৰ অন্তত ৰাজপথলৈ ওলাই আহি দেশৰ সৰ্বোচ্চ নেতা আলী খামেনেইৰ বিৰুদ্ধে শ্ল’গান দি প্ৰতিবাদ সাব্যস্ত কৰে।

উল্লেখযোগ্য যে ২০২২ চনত ব্যাপক প্ৰতিবাদৰ এক প্ৰধান কেন্দ্ৰ হিচাপে পৰিগণিত হোৱা এই চহৰখনত পুনৰবাৰ প্ৰতিবাদৰ উত্থান ঘটিছে। মাছহাদ, জাহেদান, কাজভিন, হামাদান, তেহৰাণকে ধৰি কেইবাখনো চহৰত ব্যাপক প্ৰতিবাদ অব্যাহত আছে, নিৰাপত্তা বাহিনীৰ হিংসাত্মক পৰিস্থিতি আৰু অসংখ্য প্ৰতিবাদকাৰীক গ্ৰেপ্তাৰ কৰা হৈছে।

উগ্ৰ ধৰ্মগুৰুসকলৰ শাসন বন্ধ কৰাৰ দাবীত সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনেইক লক্ষ্য কৰি প্ৰতিবাদকাৰীসকলে। প্ৰতিবাদকাৰীৰ এক বৃহৎ অংশই ৰেজা পাহলৱীক ক্ষমতা হস্তান্তৰ কৰাৰ দাবী জনাইছে।

এতিয়ালৈকে ২২খন প্ৰদেশৰ ৪৬খন চহৰত এই প্ৰতিবাদ বিয়পি পৰিছে। তেহৰাণ, ইয়াজদ, জাঞ্জানকে ধৰি প্ৰায় ১০খন বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে এই আন্দোলনত অংশগ্ৰহণ কৰিছে। আন্দোলনৰ সমৰ্থনত বৃহৎ সংখ্যক ব্যৱসায়ী লোকেও এই আন্দোলনত যোগদান কৰিছে, তেওঁলোকৰ দোকান-পোহাৰ আৰু প্ৰতিষ্ঠানসমূহ বন্ধ কৰি দিছে।

মানৱ অধিকাৰ সংগঠনৰ উদ্ধৃতি দি ইৰাণ ইণ্টাৰনেশ্যনেলে প্ৰকাশ কৰা অনুসৰি এতিয়ালৈকে কমেও ৭ জন প্ৰতিবাদকাৰী নিহত হোৱাৰ লগতে ৩০ জনতকৈ অধিক লোক আহত হৈছে। ২৮ ডিচেম্বৰৰ পৰা আৰম্ভ হোৱা প্ৰতিবাদত এতিয়ালৈকে ১১৯ জন প্ৰতিবাদকাৰীক গ্ৰেপ্তাৰ কৰা হৈছে।

সমগ্ৰ দেশতে ব্যাপক প্ৰতিবাদৰ মাজতে ইৰাণৰ মুদ্ৰাই অভিলেখ সৃষ্টি কৰিছে। চৰকাৰী তথ্য অনুসৰি ডিচেম্বৰ মাহত মুদ্ৰাস্ফীতি ৪২.২ শতাংশত উপনীত হৈছে। যোৱা বছৰৰ তুলনাত খাদ্যৰ মূল্য ৭২ শতাংশ বৃদ্ধি পোৱাৰ বিপৰীতে স্বাস্থ্য আৰু ঔষধৰ সামগ্ৰী ৫০ শতাংশ ব্যয়বহুল হৈ পৰিছে। ই জনসাধাৰণৰ অসন্তুষ্টিক ইন্ধন যোগাইছে।

ইৰাণত চলি থকা প্ৰতিবাদৰ মাজতে শুকুৰবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে সকীয়াই দিছিল যে ইৰাণে শান্তিপূৰ্ণ প্ৰতিবাদকাৰীক গুলীচালনা কৰি হিংসাত্মকভাৱে হত্যা কৰিলে আমেৰিকাই তেওঁলোকৰ সহায়ৰ বাবে আগবাঢ়ি আহিব। তেওঁ মিডিয়া প্লেটফৰ্ম ট্ৰুথ ছ’চিয়েলত এটা পোষ্ট শ্বেয়াৰ কৰি কয় যে, “আমি কাৰ্য্যৰ বাবে সম্পূৰ্ণৰূপে সাজু।”

ট্ৰাম্পৰ এই ভাবুকিৰ প্ৰতি সঁহাৰি জনাই ইৰাণে আমেৰিকাৰ আক্ৰমণৰ ক্ষেত্ৰত নিজৰ ঘাটিটোক লক্ষ্য কৰি লোৱাৰ ভাবুকি দিছিল। শুকুৰবাৰে ইৰাণৰ সংসদৰ অধ্যক্ষই কয় যে যদি আমেৰিকাই আগ্ৰাসী ব্যৱস্থা গ্ৰহণ কৰে তেন্তে ইয়াৰ সামৰিক ঘাটিসমূহক বৈধ লক্ষ্য হিচাপে গণ্য কৰা হ’ব।

যোৱা বছৰৰ জুন মাহত আমেৰিকাই ইৰাণৰ সামৰিক ঘাটি আৰু পাৰমাণৱিক কেন্দ্ৰত আক্ৰমণ চলাইছিল। ইৰাণ আৰু ইজৰাইলৰ মাজত ১২ দিনীয়া যুদ্ধত আমেৰিকাও জড়িত হৈ পৰে। ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে ইৰাণেও আমেৰিকাৰ ঘাটিকো লক্ষ্য কৰি লয়।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া

You Might Also Like

ইৰাণৰ ক’ম চহৰত থকা ফৰ্ডো ইন্ধন সমৃদ্ধিশালী প্লাণ্ট ইজৰাইলৰ আক্ৰমণ, আৱাসিক অট্টালিকাত অগ্নিকাণ্ড, দুজনৰ মৃত্যু
কেলিফৰ্ণিয়াৰ বিধানসভাত দীপাৱলীক ৰাজহুৱা বন্ধ হিচাপে অনুমোদন জনোৱাৰ বিধেয়ক গৃহীত
প্ৰাক্তন ৰজাৰ ক্ৰমবৰ্ধমান কাৰ্যকলাপক লৈ মাওবাদীৰ জৰুৰী বৈঠক, আজি সংসদত প্ৰচণ্ডৰ বিশেষ ভাষণ | BulletsIn
হোৱাইট হাউছত উচ্চ পৰ্যায়ৰ আলোচনা: ট্ৰাম্পে কয় যে “যুদ্ধৰ অন্ত পৰাৰ সম্ভাৱনা”, জেলেনস্কিৰ সমৰ্থন
কাৰাগাৰৰ পৰা মুকলি হৈ তিনি বছৰৰ পাছত জামিন লাভ কৰে শ্ৰীলংকাৰ প্ৰাক্তন জ্যেষ্ঠ আৰক্ষী বিষয়া দেশবন্ধু টেনাকুনে

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article বঙাইগাঁৱৰ চাপাগুৰি ৰোডত জাল নোট জব্দ
Next Article আজি সূৰ্য্যৰ নিচেই ওচৰ চাপিব পৃথিৱী, যাৰ ফলত আকাশত দেখা যাব ছুপাৰমুন সদৃশ পূৰ্ণিমা
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?