তেহৰাণ (ইৰাণ), ২১ জুন (হি.স.)। ইৰাণৰ ক’ম চহৰত ইজৰাইলে আক্ৰমণ কৰে। ইৰাণৰ আটাইতকৈ পবিত্ৰ চহৰ বুলি গণ্য কৰা হয় ক’ম। ইৰাণৰ শক্তিশালী ফৰ্ডো ইন্ধন সমৃদ্ধিশালী প্লাণ্টটো ক’মৰ এক পাহাৰৰ তলত অৱস্থিত। ইজৰাইলৰ ক’ম চহৰত আৱাসগৃহত বোমা বিস্ফোৰণত দুজন লোক নিহত হয়।
ইৰাণৰ চৰকাৰী সংবাদ মাধ্যমৰ বাতৰিৰ উদ্ধৃতি দি আমেৰিকাৰ নিউজ চেনেল চিএনএনে এই খবৰ সম্প্ৰচাৰ কৰিছে। ইৰাণৰ মধ্য ইৰাণৰ ক’ম চহৰত শনিবাৰে এটা আৱাসিক অট্টালিকাত সংঘটিত আক্ৰমণত দুজন লোক নিহত হোৱাৰ লগতে আন চাৰিজন আহত হয়। ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীয়ে ইৰাণত আক্ৰমণৰ নতুন লহৰ আৰম্ভ কৰা বুলি কোৱাৰ কিছু সময়ৰ পিছতে অট্টালিকাটোৰ চতুৰ্থ মহলাত এই আক্ৰমণ সংঘটিত হয়।
চিএনএনৰ মতে, ইৰাণৰ সংবাদ মাধ্যমে ক’ম প্ৰাদেশিক প্ৰশাসনৰ মুখপাত্ৰ মৰ্টেজা হেইডাৰীৰ বিবৃতিৰ ভিত্তিত কয় যে নিহতসকলৰ ভিতৰত এজন ১৬ বছৰীয়া কিশোৰো আছে । আমেৰিকাৰ চেনেলটোৱে জনোৱা মতে, জিঅ’লকেটেড ভিডিঅ’ত দক্ষিণ-পশ্চিম ক’মৰ এটা অট্টালিকাৰ ক্ষতি হোৱা দেখা গৈছে। ভিডিঅ’টোত বহুমহলীয়া অট্টালিকাৰ ওপৰৰ মহলাত জুই জ্বলি উঠিছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
