কুৱেটা (বেলুচিস্তান) পাকিস্তান, ১৪ আগষ্ট (হি.স.)। পাকিস্তানৰ বেলুচিস্তান প্ৰদেশে দেশৰ স্বাধীনতা উদযাপনৰ পৰা বহু দূৰত। দেশখনৰ ৰাষ্ট্ৰীয় দিৱসৰ পূৰ্বে বেলুচিস্তানত কঠোৰ নিৰাপত্তা ব্যৱস্থা ৰূপায়ণ কৰিছে ফেডাৰেল চৰকাৰে। নিশা ৰাজহুৱা পৰিবহণ নিষিদ্ধ কৰা হৈছে। ৰেল বন্ধ কৰি দিয়া হৈছে। মোবাইল ইন্টাৰনেট নিষিদ্ধ। বেলুচিস্তানৰ প্ৰধান চহৰসমূহৰ প্ৰৱেশ আৰু প্ৰস্থান গেট বন্ধ কৰা হৈছে। পাকিস্তানৰ ফেডাৰেল চৰকাৰৰ এই পদক্ষেপৰ বাবে সমগ্ৰ বেলুচিস্তানত কাৰ্ফিউৰ দৰে পৰিস্থিতিৰ সৃষ্টি হৈছে। অসুবিধাৰ সন্মুখীন হৈছে বাসিন্দাসকল।
অনলাইন নিউজ আউটলেট দ্য বেলুচিস্তান পোষ্টে আজিৰ বাতৰিত সাম্প্ৰতিক পৰিস্থিতিৰ সময়ত ৰাইজে সন্মুখীন হোৱা অসুবিধাৰ কথা উল্লেখ কৰিছে। পৰিবহণ বিভাগৰ উদ্ধৃতি দি কোৱা হৈছে যে বেলুচিস্তানত সন্ধিয়া ৫ বজাৰ পৰা পুৱা ৫ বজালৈ ৰাজহুৱা পৰিবহণ নিষিদ্ধ কৰা হৈছে। এই নিৰ্দেশ উলংঘা কৰা কোম্পানীসমূহৰ ৰুট পাৰ্মিট বাতিল কৰা হ’ব বুলি সকীয়াই দিছে বিষয়াসকলে। এই নিষেধাজ্ঞা ৰাষ্ট্ৰীয় ঘাইপথৰ লগতে বেলুচিস্তানৰ সকলো চহৰ আৰু জিলাত প্ৰযোজ্য।
কুৱেটা, কৰাচী, মাক্ৰাণ আৰু পাকিস্তানৰ কিছু অংশৰ মাজত দৈনিক হাজাৰ হাজাৰ লোকে ৰাজহুৱা পৰিবহণেৰে যাত্ৰা কৰে। এই নিষেধাজ্ঞাৰ বাবে বহু লোক আবদ্ধ হৈ পৰিছে। বেলুচিস্তানত অপৰ্যাপ্ত স্বাস্থ্য সুবিধাৰ বাবে কৰাচীলৈ চিকিৎসাৰ বাবে যোৱা ৰোগীসকল গুৰুতৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। এই নিষেধাজ্ঞাৰ বিৰুদ্ধে প্ৰতিবাদ।
কুৱেটাৰ পৰা আন্তঃপ্ৰদেশীয় ৰে’ল সেৱা একেৰাহে চতুৰ্থ দিনৰ বাবে বন্ধ হৈ আছে। পাকিস্তান ৰেলৱেই জনাইছে যে মাষ্টুঙৰ দষ্ট অঞ্চলত জাফ্ফৰ এক্সপ্ৰেছত সংঘটিত বোমা আক্ৰমণৰ পিছত ১৪ আগষ্টলৈকে এই নিলম্বন চলি থাকিব। মাৰ্চ মাহত এই ৰেলখন বেলুচ লিবাৰেচন আৰ্মীয়ে অপহৰণ কৰিছিল। এই সময়ত পাকিস্তানৰ নিৰাপত্তা বাহিনীৰ বহু জোৱান নিহত হয়।
পথ আৰু ৰেল যাতায়ত নিষেধাজ্ঞাৰ বাবে বহু নাগৰিকে বিমান যাত্ৰাৰ ফালে মুখ কৰিছে। ইয়াৰ বাবেই অভিলেখ বৃদ্ধি পাইছে ভাড়া। সাধাৰণতে ১৮ হাজাৰৰ পৰা ২০ হাজাৰ টকা খৰচ হোৱা ইছলামবাগলৈ যোৱাৰ ভাড়া ৫০ হাজাৰৰ ওপৰলৈ বৃদ্ধি পাইছে। ফ্লাই জিন্নাই দৈনিক বিমান চলাচল কৰে। পাকিস্তান ইণ্টাৰনেশ্যনেল এয়াৰলাইন্সে সপ্তাহত তিনিৰ পৰা চাৰিখন বিমান আৰু চেৰিন এয়াৰে সপ্তাহত এবাৰ বিমান চলায়।
৬ আগষ্টৰ পৰা বেলুচিস্তানৰ ৩৬খন জিলাতে ৩জি আৰু ৪জি মোবাইল ইণ্টাৰনেট সেৱা বন্ধ হৈ আছে।৩১ আগষ্টলৈকে ব্লেকআউট চলি থকাৰ সম্ভাৱনা আছে।বলুচিস্তানত ইতিমধ্যে দেশৰ ভিতৰতে আটাইতকৈ দুৰ্বল অনলাইন আন্তঃগাঁথনি আছে। ৬০ শতাংশ অঞ্চলত ইণ্টাৰনেটৰ ব্যৱস্থা নাই। প্ৰায় ডেৰ কোটি বাসিন্দাৰ আধাতকৈ অধিক লোক সম্পূৰ্ণৰূপে মোবাইল ডাটাৰ ওপৰত নিৰ্ভৰশীল। ফিক্সড লাইন ইণ্টাৰনেট ব্যৱহাৰকাৰীৰ সংখ্যা মাত্ৰ প্ৰায় ৭০ হাজাৰ।
এই বন্ধৰ ফলত ফ্ৰীলান্সাৰ, অনলাইন ব্যৱসায়ী, খাদ্য ডেলিভাৰী কৰা লোক, ছাত্ৰ-ছাত্ৰী আৰু ব্যৱসায়ীসকল ক্ষতিগ্ৰস্ত হৈছে। স্থবিৰ হৈ পৰিছে মোবাইল বেংকিং আৰু অনলাইন পেমেণ্ট ব্যৱস্থা। টেলিমেডিচিন সেৱাও বন্ধ।
বেলুচিস্তান মানৱ অধিকাৰ আয়োগে এই বাধাসমূহক গৰিহণা দি নাগৰিক স্বাধীনতা আৰু মৌলিক অধিকাৰৰ গুৰুতৰ উলংঘা বুলি অভিহিত কৰিছে।
নিৰাপত্তাৰ চিন্তা আৰু পাকিস্তানৰ ৰাষ্ট্ৰীয় দিৱস উদযাপনৰ প্ৰস্তুতিৰ বাবে বিগত তিনিদিন ধৰি বন্দৰ চহৰ গ্ৱাদাৰৰ সকলো প্ৰৱেশ আৰু প্ৰস্থান পইণ্ট বন্ধ হৈ আছে। ৰাস্তাবোৰ জনশূন্য। যান-বাহন অতি কম হোৱাৰ বাবে বাসিন্দাসকল ঘৰতে আৱদ্ধ হৈ আছে।
এই নিষেধাজ্ঞাৰ মাজতো বেলুচিস্তানৰ বিভিন্ন ঠাইত সশস্ত্ৰ আক্ৰমণ অব্যাহত আছে। এই লক্ষ্যসমূহৰ ভিতৰত আছে পাকিস্তানৰ নিৰাপত্তা বাহিনী, আৰক্ষী, স্থানীয় সশস্ত্ৰ গোট (মৃত্যুৰ দল), যোগাযোগ ব্যৱস্থা আৰু ৰেল সেৱা। কালি বাছিমা অঞ্চলত পাকিস্তান সেনাৰ এজন অধিনায়ক আৰু আন ৮ জন জোৱান নিহত হয়। কুৱেটাত বোমা আক্ৰমণৰ লক্ষ্য কৰি লোৱা হৈছে আৰক্ষী আৰু চৰকাৰী কাৰ্যালয়। জিয়াৰাটত বন্দুকধাৰীয়ে অপহৰণ কৰে উপ আয়ুক্ত আৰু তেওঁৰ পুত্ৰক। ইয়াৰ উপৰিও জেহৰীত পাকিস্তানৰ নিৰাপত্তা বাহিনীক কেইবাবাৰো আক্ৰমণ সংঘটিত হয়।
हिन्दुस्थान समाचार
