কাঠমাণ্ডু, ১০ আগষ্ট (হি.স.)। দেওবাৰে পুৱা জানকপুৰ-জয়নগৰ ৰে’লপথত নেপাল আৰু ভাৰতৰ মাজত চলি থকা একমাত্ৰ ৰে’লখনে গাড়ীৰ সৈতে খুন্দা মৰাৰ পাছত এই পথত ৰে’ল সেৱা ব্যাহত হৈ পৰিছে৷ গাড়ীখনত থকা তিনিজন লোক সামান্যভাৱে আঘাতপ্ৰাপ্ত হয় যদিও গাড়ীখনৰ বেয়াকৈ ক্ষতিসাধন হয়। ৰেল লাইনৰ পৰা গাড়ীখন আঁতৰাই যাতায়ত আৰম্ভ কৰাৰ প্ৰচেষ্টা চলোৱা হৈছে।
জিলা আৰক্ষী কাৰ্যালয়ৰ মুখপাত্ৰ ডি এছ পি বৰুণ বাহাদুৰ সিঙে জনোৱা মতে, আজি পুৱা ৮.৩০ বজাত নেপালৰ সীমান্তৱৰ্তী মহোত্তৰীৰ পিপ্ৰধি ষ্টেচনৰ পৰা জয়নগৰৰ পৰা জনকপুৰধামলৈ অহা নেপাল ৰেলৱে ৰে’লখনে ব্ৰহ্মপুৰীৰ থাপা চ’কৰ সমীপৰ ক্ৰছিং এলেকাত এখন গাড়ীৰ সৈতে সংঘৰ্ষত লিপ্ত হয়। এই দুৰ্ঘটনাত গাড়ীখনত থকা তিনিজন লোক সামান্যভাৱে আঘাতপ্ৰাপ্ত হৈছে। আৰক্ষীৰ মুখপাত্ৰ সিঙে কয় যে দুৰ্ঘটনাৰ পিছৰে পৰা ৰে’ল সেৱা ব্যাহত হৈ পৰিছে আৰু বিষয়টোৰ ওপৰত অধিক তদন্ত অব্যাহত আছে। ক্ৰেনৰ জৰিয়তে গাড়ীখন আঁতৰোৱাৰ প্ৰচেষ্টা চলি আছে। ট্ৰেক ক্লিয়াৰ কৰাৰ পিছত পুনৰ আৰম্ভ হ’ব ৰে’ল সেৱা।
স্থানীয় প্ৰত্যক্ষদৰ্শীৰ মতে, ৰে’লখনে গাড়ীত খুন্দা মৰাৰ সময়ত তীব্ৰ শব্দ হয়। গাড়ীখনত তিনিজন মানুহ আছিল। সামান্য আঘাতপ্ৰাপ্ত হয় যদিও গাড়ীখনৰ বেয়াকৈ ক্ষতিসাধন হয়।
हिन्दुस्थान समाचार / আলোক চক্ৰৱৰ্তী
