নিউয়ৰ্ক, ২৮ নৱেম্বৰ (হি.স.)। প্ৰকাশ পৰ্ব উপলক্ষে লং আইলেণ্ডৰ এটা গুৰুদ্বাৰাত খালিস্তান সমৰ্থকে আমেৰিকাত থকা ভাৰতীয় ৰাষ্ট্ৰদূত তৰণজিৎ সিং সন্ধুক আক্ৰমণ কৰে। তেওঁ মূৰ দোৱাবলৈ যোৱাৰ সময়তে এই ঘটনা ঘটিছিল । শিখ সম্প্ৰদায়ৰ লোকসকলে দুষ্কাৰ্যত লিপ্ত লোকসকলক বাহিৰলৈ উলিয়াই দিয়ে।
সন্ধুৱে দেওবাৰে এক্সত লিখিছে, তেওঁ লং আইলেণ্ডৰ গুৰু নানক দৰবাৰত গুৰুপুৰ্ব উদযাপনৰ সৌভাগ্য লাভ কৰিছিল। এই সময়ছোৱাত কীৰ্ত্তন শুনিছিল। গুৰু নানকৰ সংহতি, ঐক্য আৰু সমতাৰ চিৰন্তন বাৰ্তাৰ বিষয়ে আলোচনা কৰে। লাংগাৰত যোগ দিলে। সকলোৰে বাবে আশীৰ্বাদ বিচাৰিলে।
হিন্দুস্থান সমাচাৰ/ অজিত/মনোজ
