তেহৰাণ, ২৯ জুলাই (হি.স.)। ইৰাণে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ দাবীক তীব্ৰভাৱে নাকচ কৰিছে, য’ত তেওঁ কয় যে ইজৰাইল আৰু হামাছৰ মাজত গাজা যুদ্ধবিৰতি আলোচনাত ইৰাণে হস্তক্ষেপ কৰিছে। ইৰাণৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ইছমাইল বাঘাইয়ে মঙলবাৰে প্ৰকাশ কৰা এক আনুষ্ঠানিক বিবৃতিত এই অভিযোগক সম্পূৰ্ণ ভিত্তিহীন বুলি অভিহিত কৰিছে।
এই বক্তব্যৰ সময়ত ব্ৰিটিছ প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰমাৰৰ সৈতে হোৱা বৈঠকৰ সময়ত ট্ৰাম্পে দাবী কৰিছিল যে “মই ভাবো ইৰাণে এই আলোচনাত হস্তক্ষেপ কৰিছে, হামাছক সংকেত আৰু নিৰ্দেশ দিয়া হৈছে।” অৱশ্যে এই অভিযোগৰ সমৰ্থনত ট্ৰাম্পে কোনো সুনিৰ্দিষ্ট প্ৰমাণ দাঙি ধৰা নাই।
ইয়াৰ উত্তৰত বাঘাইয়ে কয় যে এই অভিযোগ কেৱল আমেৰিকাৰ ভূমিকাৰ পৰা মনোযোগ আঁতৰোৱাৰ প্ৰয়াসহে, যি ভূমিকা ইজৰাইলে পেলেষ্টাইনী জনসাধাৰণৰ বিৰুদ্ধে সংঘটিত কৰা ‘অত্যাচাৰ’ত গ্ৰহণ কৰিছে।’ তেওঁ কয় যে হামাছৰ আলোচনাপন্থীসকল “গাজাৰ জনসাধাৰণৰ স্বাৰ্থক স্বীকৃতি আৰু মানি চলিবলৈ সম্পূৰ্ণৰূপে সক্ষম, তেওঁলোকক কোনো তৃতীয় পক্ষৰ হস্তক্ষেপৰ প্ৰয়োজন নাই।”
ইৰাণৰ মুখপাত্ৰগৰাকীয়ে গাজাত চলি থকা হিংসাক “গণহত্যা” বুলি অভিহিত কৰি পেলেষ্টাইন জনসাধাৰণৰ দুখ-কষ্টৰ অন্ত পেলোৱা আৰু ইজৰাইলৰ কাৰ্যকলাপ বন্ধ কৰাৰ বাবে আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ৰ পৰা সুনিৰ্দিষ্ট পদক্ষেপৰ দাবী পুনৰবাৰ উল্লেখ কৰে। তেওঁ লগতে কয় যে শান্তি প্ৰতিষ্ঠা আৰু সংঘাতৰ অন্ত পেলোৱাৰ দিশত থকা এনে প্ৰতিটো পদক্ষেপক ইৰাণে সমৰ্থন কৰে।
উল্লেখযোগ্য যে শেহতীয়াকৈ কাটাৰত ইজৰাইল আৰু হামাছৰ মাজত যুদ্ধবিৰতি আলোচনা অনুষ্ঠিত হৈছিল যদিও আমেৰিকা আৰু ইজৰাইলৰ প্ৰতিনিধি দলে বৈঠকৰ পৰা ওলাই অহাত আলোচনা পিছুৱাই দিয়া হৈছিল। এই ঘটনাই পুনৰবাৰ মধ্যপ্ৰাচ্যত শান্তিৰ সম্ভাৱনাক লৈ প্ৰশ্ন উত্থাপন কৰিছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
