কাঠমাণ্ডু, ১৫ আগষ্ট (হি.স.)। ছেপ্টেম্বৰৰ প্ৰথম সপ্তাহৰ পৰা নেপালত অনুষ্ঠিত হ’ব নেপালী সেনা আৰু চীনৰ পিপলছ লিবাৰেশ্যন আৰ্মীৰ যৌথ সামৰিক অনুশীলনৰ পঞ্চম সংস্কৰণ। ‘সাগৰমাথা ফ্ৰেণ্ডশ্বিপ’ নামৰ অনুশীলনত সন্ত্ৰাসবাদ বিৰোধী অভিযান, যুদ্ধ কৌশল আৰু দুৰ্যোগ ব্যৱস্থাপনাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ’ব।
সেনাৰ মুখপাত্ৰ ব্ৰিগেডিয়াৰ জেনেৰেল ৰাজাৰাম বাছনেটে কয় যে নেপাল আৰু চীনৰ যৌথ সামৰিক অনুশীলন ৬ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব আৰু ১৬ ছেপ্টেম্বৰলৈকে চলিব। এই যৌথ অনুশীলনৰ চতুৰ্থ সংস্কৰণ যোৱা বছৰ চীনৰ ছিচুয়ান প্ৰদেশৰ সমীপৰ চংকিঙত অনুষ্ঠিত হৈছিল। এইবাৰ দুয়োটা সেনাৰ বিষয়াসকলে অনুশীলনৰ পদ্ধতি, অংশগ্ৰহণকাৰী আৰু পৰ্যবেক্ষকৰ সংখ্যা চূড়ান্ত কৰাৰ বাবে নিবিড় আলোচনাত মিলিত হৈছে।
প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ মুখপাত্ৰ মনোজ কুমাৰ আচাৰ্যই এই যৌথ অনুশীলনক নিয়মীয়া সামৰিক সহযোগিতা কাৰ্যসূচীৰ অংশ বুলি অভিহিত কৰে। আচাৰ্যই কয় যে নেপালে নিয়মিতভাৱে ভাৰত, আমেৰিকা আৰু চীনৰ সৈতে এনে অনুশীলন চলায়। তেওঁ কয় যে এই সামৰিক অনুশীলন মূলতঃ সামৰ্থ্য বৃদ্ধি আৰু অভিজ্ঞতা বিনিময়ৰ বাবে অনুষ্ঠিত হ’ব। এই যৌথ সামৰিক অনুশীলনত কোনো বিশেষ দেশক লক্ষ্য কৰি লোৱা হোৱা নাই বুলি স্পষ্ট কৰি দিছে প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ সচিবে।
মেজৰ জেনেৰেল প্ৰেম ধোজ অধিকাৰীৰ নেতৃত্বত ব্ৰিগেডিয়াৰ জেনেৰেল দীপেন্দ্ৰ গুৰুং, কৰ্ণেল মণি ৰাম থাপা, মেজৰ পৱন কাটৱাল, কেপ্তেইন মহেশ ঢাকালকে ধৰি নেপালী সেনাবাহিনীৰ এটা উচ্চ পৰ্যায়ৰ দল চীনৰ প্ৰতিৰক্ষা বিষয়াৰ সৈতে চূড়ান্ত পৰিকল্পনা সন্মিলনত অংশগ্ৰহণ কৰি শেহতীয়াকৈ চেংডুৰ পৰা উভতি আহিছে। কাঠমাণ্ডুত থকা চীনৰ দূতাবাসৰ সৈতে সমন্বয়তো প্ৰস্তুতি অব্যাহত আছে।
নেপাল-চীনৰ যৌথ সামৰিক অনুশীলনৰ প্ৰথম সংস্কৰণ ২০১৭ চনৰ এপ্ৰিল মাহত কাঠমাণ্ডুত অনুষ্ঠিত হয়। ইয়াৰ পিছত ২০১৮ চনত চেংডুত দ্বিতীয়টো আৰু ২০১৯ চনত নেপালত তৃতীয় সংস্কৰণ অনুষ্ঠিত হয়। ইয়াৰ পিছত কোভিড-১৯ মহামাৰীৰ বাবে কেইবাবছৰ ধৰি সামৰিক অনুশীলন স্থগিত ৰখা হয়।
ইফালে আমেৰিকা, ভাৰত, জাপান, দক্ষিণ কোৰিয়া আৰু ইউৰোপৰ কিছুমান দেশকে ধৰি পশ্চিমীয়া দেশসমূহে চীনৰ সৈতে নেপালৰ ক্ৰমবৰ্ধমান সামৰিক সংযোগক লৈ আপত্তি প্ৰকাশ কৰিছে। বিশেষকৈ যি সময়ত বেইজিঙে নেপালত বেল্ট এণ্ড ৰোড ইনিচিয়েটিভ (বি আৰ আই) প্ৰকল্প ৰূপায়ণৰ বাবে বিশেষ জোৰ দি আহিছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
