নতুন দিল্লী, ১৫ আগষ্ট (হি.স.)। দেশৰ ৭৯ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লালকিল্লাৰ প্ৰাচীৰৰ পৰা ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। ইয়াৰ পূৰ্বে ৰাজঘাটলৈ গৈ মহাত্মা গান্ধীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
লালকিল্লাত উপস্থিত হোৱাৰ লগে লগে প্ৰধানমন্ত্ৰীক গাৰ্ড অৱ অনাৰ দিয়া হয়। পতাকা উত্তোলন কৰাৰ পিছত তেওঁ জাতীয় সংগীতৰ সৈতে অভিৱাদন গ্ৰহণ কৰে।
স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী পণ্ডিত নেহৰুৰ কাৰ্যকালৰ পৰাই লালকিল্লাৰ পৰা পতাকা উত্তোলন আৰু ৰাষ্ট্ৰক সম্বোধন কৰাৰ পৰম্পৰা চলি আহিছে। একেৰাহে ১২ বছৰ ধৰি দেশক সম্বোধন কৰা দ্বিতীয়জন প্ৰধানমন্ত্ৰী হিচাপে পৰিগণিত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী।
উল্লেখ্য যে আজি দেশত ৭৯ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হৈছে। কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈ আৰু মুম্বাই-আহমেদাবাদৰ পৰা গুৱাহাটী আৰু শ্বিলঙলৈকে উলহ মালহেৰে উদযাপিত হৈছে স্বাধীনতা দিৱস। সকলোতে স্ব-গৌৰৱেৰে উৰি আছে তিনি বৰণীয়া জাতীয় পতাকা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দিল্লীৰ ঐতিহাসিক লালকিল্লাত ত্ৰিৰংগা উত্তোলন কৰি কোটি কোটি দেশবাসীক সম্বোধন কৰি স্বাধীন আৰু সাৰ্বভৌম ভাৰতৰ বাৰ্তা প্ৰদান কৰে। দেশৰ প্ৰগতি আৰু প্ৰতিটো ক্ষেত্ৰতে ইয়াৰ উন্নয়নৰ ৰূপৰেখা দেশৰ সন্মুখত দাঙি ধৰে। এই উপলক্ষে বহু বিশেষ অতিথিৰ লগতে ছাত্র-ছাত্রীসকলো লালকিল্লাৰ চৌহদত উপস্থিত আছে।
এইবাৰৰ স্বাধীনতা দিৱস উদযাপনৰ বিষয়বস্তু হৈছে – স্বাধীনতাক সন্মান কৰক, ভৱিষ্যত প্ৰজন্মক অনুপ্ৰাণিত কৰক। উল্লেখ্য যে পুৱা ৭:২১ বজাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী লালকিল্লাত উপস্থিত হয় আৰু ৭:৩০ বজাত জাতীয় পতাকা উত্তোলন কৰে। ইয়াৰ পিছত গোৱা হয় ৰাষ্ট্ৰীয় সংগীত। স্থল সেনা, নৌসেনা আৰু বায়ুসেনাই গাৰ্ড অৱ অনাৰ প্ৰদান কৰাৰ লগতে ২১ টোপ গুলীৰে সন্মান দিয়া হয়। পতাকা উত্তোলনৰ পূৰ্বে প্ৰধানমন্ত্ৰীয়ে ৰাজঘাটলৈ গৈ জাতিৰ পিতা মহাত্মা গান্ধীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ইয়াৰ পিছত প্ৰধানমন্ত্ৰী মোদীয়ে দেশবাসীক সম্বোধন কৰি ৰাষ্ট্ৰীয় ঐক্য আৰু প্ৰযুক্তিগত অগ্ৰগতিৰ ওপৰত গুৰুত্ব আৰোপ কৰে। এই অনুষ্ঠানৰ বাবে লালকিল্লাত কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে। এই অনুষ্ঠানত বিভিন্ন ক্ষেত্ৰৰ পৰা বিশেষ অতিথি আৰু আমন্ত্ৰিতসকল উপস্থিত থাকে। এই অনুষ্ঠানলৈ অহা লোকসকলৰ বাবে দিল্লী মেট্ৰ’ই পুৱা ৪:০০ বজাৰ পৰা সেৱা আগবঢ়াইছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
