– আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ আলম আব্দুল্লাহ আল-আমুৰ আৰু চাৰিজন পেলেষ্টাইনী সাধাৰণ নাগৰিকৰো মৃত্যুৰ বাতৰি
গাজা পট্টী, ২৭ আগষ্ট (হি.স.)। শেহতীয়াকৈ গাজাত সংঘটিত আক্ৰমণত ইজৰাইল সেনাই সন্ত্ৰাসবাদী সংগঠন হামাছৰ কাৰিকৰী বিশেষজ্ঞ মাহমুদ আল আছৱাদক হত্যা কৰা বুলি দাবী কৰিছে। এই আক্ৰমণত আন পাঁচজন লোকো নিহত হোৱাৰ খবৰ পোৱা গৈছে। ইয়াৰ ভিতৰত আছে আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ আলম আব্দুল্লাহ আল আমূৰ আৰু গাজা পট্টীত বসবাস কৰা চাৰিজন পেলেষ্টাইনী নাগৰিক। ইয়াৰ পূৰ্বে গাজাৰ বিখ্যাত প্ৰাক্তন ফুটবল খেলুৱৈ চুলেইমান আল ওবেইদেও ইজৰাইলৰ আন এক আক্ৰমণত প্ৰাণ হেৰুৱাইছিল।
এই তথ্য ইজৰাইল প্ৰতিৰক্ষা বাহিনী (আই ডি এফ)ৰ এক্স হেণ্ডেল, পেলেষ্টাইনী সংবাদ সংস্থা ৱাফা, কাকত দ্য টাইমছ অৱ ইজৰাইলৰ বাতৰিত দিয়া হৈছে। আইডিএফৰ মতে, নিহত মাহমুদ আল আছৱাদে পশ্চিম গাজা অঞ্চলৰ হামাছৰ সাধাৰণ নিৰাপত্তা যন্ত্ৰৰ কমাণ্ড কৰিছিল। তেওঁ আছিল হামাছৰ কাৰিকৰী বিশেষজ্ঞ।
ইয়াৰ উপৰিও দক্ষিণ গাজা ষ্ট্ৰিপৰ খান ইউনিছৰ দক্ষিণ-পশ্চিমে থকা আল-টিনা সাহায্য কেন্দ্ৰৰ ওচৰত ইজৰাইলী সেনাৰ গুলীচালনাত সাহায্যৰ বাবে অপেক্ষা কৰি থকা চাৰিজন পেলেষ্টাইনী সাধাৰণ নাগৰিক নিহত হোৱাৰ লগতে আন কিছুমান আহত হয়। উত্তৰত জাবালিয়া আল-নাজলাৰ দক্ষিণ অঞ্চলত আৱাসিক অট্টালিকাসমূহত ইজৰাইলৰ আৰ্টিলাৰীয়ে গোলাবৰ্ষণ অব্যাহত ৰাখিছে। মধ্য গাজা ষ্ট্ৰিপৰ আল-নুচেইৰাট শৰণাৰ্থী শিবিৰৰ পশ্চিমে থকা আল-ছাৱাৰাহ অঞ্চলৰ কৃষিভূমিত ইজৰাইলৰ যুদ্ধ বিমানে দুটাকৈ বিমান আক্ৰমণ চলায়।
গাজা মানৱীয় ফাউণ্ডেশ্যনৰ খান ইউনিছৰ সাহায্য বিতৰণ কেন্দ্ৰৰ সমীপত আইডিএফৰ গুলীচালনাত নিহত হয় গাজাৰ খেলুৱৈ আলম আব্দুল্লাহ আল আমূৰ। এই সন্দৰ্ভত ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীয়ে ততাতৈয়াকৈ কোনো মন্তব্য কৰা নাই। তিনি সপ্তাহ পূৰ্বে গাজাৰ বিখ্যাত প্ৰাক্তন ফুটবল খেলুৱৈ চুলেইমান আল ওবেইদ একেধৰণৰ আক্ৰমণত নিহত হৈছিল।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
