কাঠমাণ্ডু, ১৮ ছেপ্টেম্বৰ (হি.স.)। নেপালত নতুন অন্তৱৰ্তীকালীন চৰকাৰ গঠনৰ পিছতে দেশখনৰ প্ৰধানমন্ত্ৰী সুশিলা কাৰ্কীয়ে আজি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে টেলিফোনযোগে বাৰ্তালাপ কৰে ।
নেপালৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা লাভ কৰা তথ্য অনুসৰি অন্তৱৰ্তীকালীন প্ৰধানমন্ত্ৰী কাৰ্কীয়ে ভাৰতৰ প্ৰধানমন্ত্ৰী মোডীক তেওঁৰ ৭৫ সংখ্যক জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে নেপালৰ সাম্প্ৰতিক ৰাজনৈতিক পৰিস্থিতিৰ বিষয়ে বিতং তথ্য প্ৰদান কৰে।
নেপাল আৰু ভাৰতৰ যুগ যুগ ধৰি চলি অহা সম্পৰ্কৰ কথা উল্লেখ কৰি কাৰ্কিয়ে এই সম্পৰ্কক আৰু অধিক সুদৃঢ় কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি নেপালৰ পুনৰ্গঠন আৰু আগন্তুক নিৰ্বাচনত ভাৰতৰ সহযোগিতা বিচাৰে।
ভাৰতৰ প্ৰধানমন্ত্ৰী মোদীয়েও এই বাৰ্তালাপৰ বিষয়ে এক্সত নিজৰ মতামত ব্যক্ত কৰে। কাৰ্কিৰ সৈতে হোৱা বাৰ্তালাপত মোদীয়ে শেহতীয়াভাৱে হোৱা দুখজনক ধন জন হানিৰ ঘটনাত গভীৰ সমবেদনা জনোৱাৰ লগতে নেপালত শান্তি আৰু স্থিতিশীলতা পুনৰুদ্ধাৰৰ প্ৰচেষ্টাত ভাৰতৰ দৃঢ় সমৰ্থন পুনৰ দৃঢ় কৰি ভাৰতৰ পৰা সম্ভৱপৰ সকলো সহায়ৰ আশ্বাস দিয়ে। ভাৰতৰ প্ৰধানমন্ত্ৰী মোদীয়েও কালি নেপালৰ ৰাষ্ট্ৰীয় সংবিধান দিৱসত শ্ৰীমতী কাৰ্কি আৰু নেপালৰ জনসাধাৰণক অভিনন্দন জনায়।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
