ইছলামাবাদ, ০৪ আগষ্ট (হি.স.)। বেলুচিস্তান প্ৰদেশত ফেডাৰেল চৰকাৰে আইন প্ৰয়োগকাৰী সংস্থাৰ জৰিয়তে মানুহক ঘৰৰ পৰা বলপূৰ্বকভাৱে উঠাই নিছে। যোৱা কিছুদিনত পাকিস্তানৰ নিৰাপত্তা বাহিনীয়ে বিভিন্ন জিলাৰ কমেও ৮ জন লোকক আটক কৰি ৰখাৰ খবৰ আহিছে। শেহতীয়া ঘটনাত দীন মহম্মদ শ্বাহৱানীৰ কণমানি পুত্ৰ মহছিন শ্বাহৱানীক কুৱেটাৰ কিলি কাম্ব্ৰানীৰ ঘৰৰ পৰা আটক কৰা বুলি জানিব পৰা গৈছে।
স্থানীয় সূত্ৰৰ উদ্ধৃতি দি বেলুচিস্তান পোষ্টে মহছিন শ্বাহৱানীক ঘৰৰ পৰা বলপূৰ্বকভাৱে উঠাই নিয়াৰ বাতৰি সম্প্ৰচাৰ কৰিছে। গভীৰ নিশা অভিযান চলাই আটক কৰে শ্বাহৱানীক। ইয়াৰ পিছত তেওঁক অচিনাকি ঠাইলৈ লৈ যোৱা হয়। ইমাম বাংগুলজাইৰ পুত্ৰ শ্বেৰবাজ বাংগুলজাইকে ধৰি আন চাৰিজন লোকক একে পৰিস্থিতিত একেটা অঞ্চলৰ পৰা আটক কৰাৰ কিছু সময়ৰ পিছতে এই ঘটনা সংঘটিত হয়।
ইয়াৰ উপৰিও ৩১ জুলাইৰ নিশা প্ৰায় ২ বজাত পাকিস্তানৰ আইন প্ৰয়োগকাৰী বাহিনীয়ে ৱাশ্বুক জিলাৰ নাগ অঞ্চলৰ মিৰ হাজী হাচিল খান ছাছোলিৰ ঘৰত অভিযান চলাইছিল।এই সময়ছোৱাত তেওঁৰ পুত্ৰ আব্দুল কৰিমক আটক কৰা বুলি অভিযোগ উঠিছে। তেতিয়াৰ পৰা আব্দুল সন্ধানহীন। অভিযানৰ সময়ত তেওঁলোকক আক্ৰমণ কৰাৰ লগতে ঘৰত থকা সা-সম্পত্তিৰ ক্ষতি হোৱাৰ অভিযোগ পৰিয়ালৰ লোকে।
ইয়াৰ পূৰ্বে কেচ জিলাৰ হোথাবাদ নিবাসী এজাজৰ পুত্ৰ জাফৰক যোৱা ৩০ জুলাইত খৈৰাবাদ অঞ্চলৰ পৰা আটক কৰা বুলি অভিযোগ উঠিছে।তেওঁও সন্ধানহীন হৈ আছে। ভইচ ফৰ বেলুচ মিছিং পাৰ্চনছ (ভিবিএমপি)ৰ ধাৰাবাহিক প্ৰতিবাদৰ লগতে এইবোৰ ঘটনা পোহৰলৈ আহিছে। কুৱেটা প্ৰেছ ক্লাবৰ বাহিৰত ভিবিএমপিৰ প্ৰতিবাদে ৫,৮৯৯ সংখ্যক দিনত প্ৰৱেশ কৰিছে। শেহতীয়াকৈ ভিবিএমপিৰ অধ্যক্ষ নাছৰুল্লাহ বেলুচে বিশ্ববিদ্যালয়ৰ ছাত্ৰ মাহজাবিন বালুচৰ নিৰুদ্দেশৰ বিষয়টো উত্থাপন কৰিছে। অভিযোগ অনুসৰি কুৱেটাৰ অসামৰিক চিকিৎসালয়ৰ ৰাজ্যিক বিষয়াই মাহজাবিনক জিম্মাত লৈছিল। ভিবিএমপিৰ তথ্য অনুসৰি ৬৫ দিন ধৰি সন্ধানহীন হৈ আছে মাহজাবীন।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
