কাঠমাণ্ডু, ০৩ জানুৱাৰী (হি.স.)। ভাৰতৰ বৈদেশিক মন্ত্ৰী ড. জয়শংকৰে দ্বিপাক্ষিক সম্পৰ্ক অধিক সম্প্ৰসাৰণৰ লক্ষ্যৰে অহা ০৪ আৰু ০৫ জানুৱাৰীত নেপাল ভ্ৰমণ কৰিব। এই সময়ছোৱাত দুয়োখন দেশৰ মাজত তিনিটা নতুন ট্ৰেন্সমিছন লাইন উদ্বোধন কৰা হ’ব।
নেপালৰ বৈদেশিক মন্ত্ৰালয়ৰ তথ্য অনুসৰি ভাৰত-নেপাল যুটীয়া আয়োগৰ বৈঠকত অংশগ্ৰহণৰ বাবে ভাৰতৰ বৈদেশিক মন্ত্ৰীগৰাকীয়ে অহা ০৪ জানুৱাৰীত কাঠমাণ্ডুত উপস্থিত হ’ব। এই বৈঠকৰ অন্তত দুয়োখন দেশৰ মাজত দীৰ্ঘম্যাদী শক্তি বাণিজ্য চুক্তি স্বাক্ষৰিত হ’ব। ইয়াৰ অধীনত অহা ১০ বছৰত ভাৰতে ১০ হাজাৰ মেগাৱাট বিদ্যুৎ ক্ৰয় কৰিব। ইয়াৰ উপৰিও বিদেশ মন্ত্ৰী দুগৰাকীৰ বৈঠকতো সকলো দ্বিপাক্ষিক বিষয়ৰ ওপৰত আলোচনা কৰা হ’ব।
কাইলৈ ৪ জানুৱাৰীত ভাৰতৰ বৈদেশিক মন্ত্ৰীয়ে নতুনকৈ নিৰ্মাণ কৰা তিনিটা ১৩২ কেভিএ ট্ৰেন্সমিছন লাইন উদ্বোধন কৰিব। ইয়াৰ ভিতৰত বিহাৰৰ ৰাক্সাউল-পাৰৱানীপুৰ, কুশাহা-কটাইয়া আৰু উত্তৰ প্ৰদেশৰ নৌতনৱা-মনহৱান ট্ৰেন্সমিছন লাইন। এই ট্ৰেন্সমিছন লাইন ভাৰতৰ সহযোগত নিৰ্মাণ কৰা হৈছে। একেদৰে ভাৰত চৰকাৰৰ সহযোগত কাঠমাণ্ডুৰ ত্ৰিভুৱন বিশ্ববিদ্যালয়ত নিৰ্মাণ কৰা কেন্দ্ৰীয় পুথিভঁৰাল ভৱনটোও উদ্বোধন কৰা হ’ব।
হিন্দুস্থান সমাচাৰ/পংকজ দাস/মনোজ
