হেগ, ২৭ জানুৱাৰী : ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে শুকুৰবাৰে কয় যে ইজৰাইলে নিজৰ ৰক্ষাৰ বাবে প্ৰয়োজনীয় সকলো পদক্ষেপ গ্ৰহণ কৰি যাব। ইয়াৰ পূৰ্বে আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ে ইজৰাইলক গাজাত থকা পেলেষ্টাইনী জনসাধাৰণক সুৰক্ষা প্ৰদান কৰাৰ লগতে তেওঁলোকক পৰ্যাপ্ত সাহায্য সামগ্ৰী যোগান ধৰিবলৈ নিৰ্দেশ দিছিল।
গাজা পট্টীত হামাছৰ বিৰুদ্ধে ইজৰাইলৰ যুদ্ধক তীব্ৰ সমালোচনা কৰা ৰাষ্ট্ৰসংঘৰ শীৰ্ষ আদালত(আইচিজে)ৰ সিদ্ধান্তৰ পিছতে নেতান্যাহুৰ এই মন্তব্য আহিছে। শুকুৰবাৰে ৰাষ্ট্ৰসংঘৰ শীৰ্ষ আদালতে গাজাত তাৎক্ষণিক যুদ্ধবিৰতিৰ নিৰ্দেশ দিবলৈ অস্বীকাৰ কৰে যদিও ইজৰাইলক প্ৰাণ আৰু সম্পত্তিৰ ক্ষতি ৰোধৰ বাবে প্ৰচেষ্টা চলাবলৈ আহ্বান জনায়।
এই গোচৰ ৰুজু কৰা দক্ষিণ আফ্ৰিকাই ইজৰাইলক সামৰিক অভিযান বন্ধ কৰিবলৈ নিৰ্দেশ দিবলৈ আদালতক আহ্বান জনাইছিল। নেতান্যাহুৱে গণহত্যাৰ দাবীক অগ্ৰাহ্য বুলি নাকচ কৰি যুদ্ধখন তীব্ৰতৰ কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। তেওঁ কয়, আমি আমাৰ দেশ আৰু নাগৰিকৰ সুৰক্ষাৰ বাবে প্ৰয়োজনীয় সকলো পদক্ষেপ গ্ৰহণ কৰি যাম।
