

কেনবেৰা (অষ্ট্ৰেলিয়া), ১০ অক্টোবৰ (হি.স.)। অষ্ট্ৰেলিয়া ভ্ৰমণৰ দুদিনীয়া আনুষ্ঠানিক ভ্ৰমণৰ অন্তিম দিনটোত আজি পুৱা ছিডনীত উপস্থিত হয় ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং। সিঙে ইয়াত অৱস্থিত এইচ এম এ এছ কুট্টাবুল ভ্ৰমণ কৰে। ই ৰয়েল অষ্ট্ৰেলিয়ান নৌসেনাৰ মূল ঘাটি।
এই প্ৰধান ঘাটিটো পটছ পইণ্টত অৱস্থিত। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙেও ফ্লীট বেছ ইষ্ট পৰিদৰ্শন কৰে। অষ্ট্ৰেলিয়াৰ নৌসেনাৰ অভিযান আৰু সামুদ্ৰিক প্ৰস্তুতিৰ বিষয়ে জানিবলৈ তেওঁ ফ্লিট বেছ ইষ্ট ভ্ৰমণ কৰে। ইয়াৰ পূৰ্বে সিঙে নিজৰ এক্স হেণ্ডেলত অষ্ট্ৰেলিয়া ভ্ৰমণৰ কিছু ফটো আৰু সবিশেষ শ্বেয়াৰ কৰিছিল।
এক্সত উপলব্ধ সবিশেষ তথ্য অনুসৰি সিঙে কেনবেৰাৰ অষ্ট্ৰেলিয়ান যুদ্ধ স্মাৰক পৰিদৰ্শন কৰি শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জনায়। এই যুদ্ধ স্মৃতিসৌধ দুয়োখন দেশৰ বাবে গুৰুত্বপূৰ্ণ স্বাধীনতা আৰু গণতন্ত্ৰৰ মূল্যবোধৰ প্ৰতিৰক্ষাত তেওঁলোকৰ সাহস আৰু ত্যাগৰ প্ৰতীক। সিঙে ভাৰতীয় জোৱানক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। এইসকল যোদ্ধা যিয়ে নিজৰ সতীৰ্থ অষ্ট্ৰেলিয়ানসকলৰ সৈতে দূৰৈৰ দেশত সাহসেৰে যুদ্ধ কৰিছিল।
ইয়াৰ উপৰিও সিঙে ৰাজধানী কেনবেৰাত অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এণ্টনি আলবানিজক সাক্ষাৎ কৰে। সিঙে এক্সত লিখিছে, মহান বৈঠক। প্ৰধানমন্ত্ৰী এণ্টনি আলবানিজে ভাৰতৰ সৈতে তেওঁৰ গভীৰ সম্পৰ্কক মৰমেৰে মনত পেলাইছে। মই নিশ্চিত যে ভাৰত-অষ্ট্ৰেলিয়াৰ দ্বিপাক্ষিক সম্পৰ্ক গভীৰ আৰু শক্তিশালী হৈ থাকিব।”
हिन्दुस्थान समाचार / অৰৱিন্দ
