কলম্বো (শ্ৰীলংকা), ২২ আগষ্ট (হি.স.)। দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ৰানিল উইক্ৰেমসিংহক চাৰি ঘণ্টাৰ সোধা-পোছাৰ অন্তত আজি অপৰাধ অনুসন্ধান বিভাগে গ্ৰেপ্তাৰ কৰে । চৰকাৰী ধনৰ অপব্যৱহাৰৰ অভিযোগৰ বিবৃতি লিপিবদ্ধ কৰিবলৈ তেওঁ সংস্থাটোৰ কাৰ্যালয়ত উপস্থিত হৈছিল। এই গোচৰটো ২০২৩ চনৰ ছেপ্টেম্বৰ মাহত উলভাৰহামপটন বিশ্ববিদ্যালয়ত পত্নী অধ্যাপক মাইট্ৰি উইক্ৰেমচিঙেৰ স্নাতক ডিগ্ৰী লাভৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ লণ্ডন ভ্ৰমণৰ সৈতে জড়িত। তেওঁ শ্ৰীলংকাৰ ইতিহাসত গ্ৰেপ্তাৰ হোৱা প্ৰথমজন প্ৰাক্তন ৰাষ্ট্ৰপতি।
ডেইলী মিৰ’ৰ কাকতৰ বাতৰি অনুসৰি অপৰাধ অনুসন্ধান বিভাগৰ বিষয়াসকলে দাবী কৰে যে চৰকাৰী ধন ভ্ৰমণ আৰু নিৰাপত্তাৰ খৰচৰ বাবে ব্যৱহাৰ কৰা হৈছিল। এই অভিযোগ অস্বীকাৰ কৰিছে প্ৰাক্তন ৰাষ্ট্ৰপতি উইক্ৰেমসিংহে। তেওঁ জোৰ দি কৈছে যে তেওঁৰ পত্নীয়ে নিজৰ খৰচ নিজেই বহন কৰিছিল আৰু কোনো ৰাজহুৱা ধনৰ অপব্যৱহাৰ কৰা নাছিল।
ইয়াৰ পূৰ্বে চিআইডিয়ে তেওঁৰ প্ৰাক্তন ব্যক্তিগত সম্পাদিকা ছেণ্ড্ৰা পেৰেৰা আৰু প্ৰাক্তন ৰাষ্ট্ৰপতি সচিব সমন একনায়কেৰ বক্তব্য লিপিবদ্ধ কৰিছিল। পিছত এই বক্তব্যসমূহ প্ৰমাণ হিচাপে ফ’ৰ্ট মেজিষ্ট্ৰেট আদালতত দাখিল কৰা হয়। খবৰ অনুসৰি প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীক চাৰি ঘণ্টা ধৰি জেৰা কৰা হৈছিল। ইয়াৰ পিছত আজি পুৱা তেওঁক জিম্মাত লোৱা হয়। আজি সন্ধিয়াৰ ভিতৰত তেওঁক ফ’ৰ্ট মেজিষ্ট্ৰেট আদালতত হাজিৰ কৰিব । ২০২২ চনৰ জুলাই মাহত গোটাবায়া ৰাজাপাক্সাৰ পদত্যাগৰ পিছত উইক্ৰেমসিংহে ৰাষ্ট্ৰপতিৰ দায়িত্ব গ্ৰহণ কৰিছিল। ২০২৪ চনৰ ছেপ্টেম্বৰ মাহত নিৰ্বাচনত তেওঁ পৰাজিত হৈছিল ।
—————
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
