ৱাশ্বিংটন, ০৮ আগষ্ট (হি.স.)। ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতি নিকোলাছ মাদুৰোক গ্ৰেপ্তাৰ কৰাৰ পুৰস্কাৰৰ পৰিমাণ দুগুণ কৰি ৫ কোটি ডলাৰলৈ বৃদ্ধি কৰিছে আমেৰিকাই। মাদুৰোক গ্ৰেপ্তাৰ কৰাৰ বাবে এই পুৰস্কাৰৰ পৰিমাণ সন্ত্ৰাসবাদী সংগঠন অল কায়দাৰ মুৰব্বী ওছামা বিন লাডেনক বন্দী কৰাৰ বাবে আমেৰিকাই ঘোষণা কৰা ধনৰাশিত কৈ দুগুণ।
বৃহস্পতিবাৰে আমেৰিকাৰ এটৰ্নী জেনেৰেল পেম বণ্ডীয়ে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত এটা ভিডিঅ’ প্ৰকাশ কৰি এই বিষয়ে তথ্য প্ৰদান কৰি কয় যে ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতিগৰাকীক গ্ৰেপ্তাৰ কৰাত সহায় কৰা যিকোনো ব্যক্তিক আমেৰিকাই ৫ কোটি ডলাৰৰ পুৰস্কাৰ ঘোষণা কৰিছে। ভিডিঅ’ বাৰ্তাটোত পেম বণ্ডীয়ে কয় যে ৰাষ্ট্ৰপতি ট্ৰাম্পৰ নেতৃত্বত মাদুৰো পলাব নোৱাৰিব আৰু তেওঁৰ জঘন্য অপৰাধৰ বাবে তেওঁক জবাবদিহি কৰা হ’ব।
আমেৰিকাই মাদুৰোক বিশ্বৰ অন্যতম বৃহৎ ড্ৰাগছ সৰবৰাহকাৰী চিনালোয়া কাৰ্টেলৰ দৰে অপৰাধী গোটৰ সৈতে কাম কৰাৰ অভিযোগ উত্থাপন কৰি ফেণ্টানিল লেচযুক্ত কোকেইনেৰে আমেৰিকাত উভৈনদী কৰি পেলোৱাৰ বাবে তেওঁক জগৰীয়া কৰিছে।
মন কৰিবলগীয়া যে ২০২০ চনত ট্ৰাম্পৰ প্ৰথম কাৰ্যকালত মাদুৰোক তেওঁৰ কেইবাজনো ঘনিষ্ঠ সহযোগীৰ সৈতে কোকেইন আমদানিৰ ষড়যন্ত্ৰ কৰাৰ ফেডাৰেল অভিযোগত মানহাটান ফেডাৰেল আদালতত অভিযুক্ত কৰা হৈছিল। সেই সময়ত মাদুৰোক গ্ৰেপ্তাৰ কৰিলে ১৫ মিলিয়ন ডলাৰৰ পুৰস্কাৰ আৰোপ কৰা হৈছিল, যিটো বাইডেন প্ৰশাসনে ২৫ মিলিয়ন ডলাৰলৈ বৃদ্ধি কৰিছিল। ওছামা বিন লাডেনক গ্ৰেপ্তাৰ কৰাৰ বাবে আমেৰিকাই একে ধনৰ পুৰস্কাৰ ঘোষণা কৰিছিল।
বিশেষ কথাটো হ’ল ইমান বৃহৎ পুৰস্কাৰৰ ধন ঘোষণা কৰাৰ পিছতো মাদুৰোৱে নিজৰ পদবী অক্ষুণ্ণ ৰাখিছে আৰু স্বাধীন দেশ ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতি। কিন্তু মাদুৰোৰ বিৰোধীয়ে তেওঁক অবৈধভাৱে ক্ষমতা দখল কৰাৰ অভিযোগ উত্থাপন কৰি ২০২৪ চনত পুনৰ নিৰ্বাচিত হোৱাটো কেৱল ভুৱা বুলি অভিহিত কৰি আহিছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
