–অসমৰ বহু লোকক উৎসৱলৈ আমন্ত্ৰণ
ভূটান, ০৪ নৱেম্বৰ (হি.স.): ভূটানৰ পানবাঙত পহিলা নৱেম্বৰৰ পৰা চাৰিদিনীয়াকৈ অনুষ্ঠিত হৈছে দেশখনৰ আটাইতকৈ ডাঙৰ ধৰ্মীয় উৎসৱ ”শ্বেচু” ৷ অপৰূপ প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপুৰ পানবাঙ নগৰৰ কাষৰীয়া এক বৌদ্ধ মঠত আয়োজিত এই উৎসৱস্থলী হৈ পৰিছে লোকে লোকাৰণ্য ৷ ভূটানৰ পৰম্পৰাগত উৎসৱৰ সৈতে পৰ্যটকক চিনাকি কৰাই দিয়াৰ লগতে পৰ্যটনৰ বিকাশৰ প্ৰতি লক্ষ্য ৰাখি এই উৎসৱলৈ আমন্ত্ৰণ কৰিছে মানাহৰ কাষৰীয়া অসমৰ বিভিন্ন লোকক ৷
উল্লেখযোগ্য যে তিব্বতীয় চন্দ্ৰ পঞ্জিকা অনুসৰি এটা বিশেষ মাহৰ দশম দিনটোত বছৰে আৰম্ভ কৰা হয় এই ধৰ্মীয় উৎসৱ শ্বেচু বা মাস্ক ফেষ্টিভেল ৷ সাধাৰণতে চাৰি বা পাঁচদিনীয়াকৈ অনুষ্ঠিত হয় এই উৎসৱ ৷ অসমৰ মুখা নাচৰ সৈতেও ইয়াৰ কিছু সাদৃশ্য পৰিলক্ষিত হয় ৷ এই শ্বেচু উৎসৱৰ মূল আৰাধ্য দেৱতা হৈছে গুৰু ৰিনপোচে, যাৰ মানৱ ৰূপ হ’ল পদ্মাসম্ভৱ ৷ গুৰু ৰিনপোচেই বা পদ্মাসম্ভৱে অষ্টম শতিকাত তিব্বত আৰু ভূটান ভ্ৰমণ কৰি ভূটানলৈ তান্ত্ৰিক বৌদ্ধ ধৰ্ম আনিছিল ৷ এই উৎসৱৰ আকৰ্ষণীয় দিশটো হ’ল পৱিত্ৰ চাম নৃত্য, যিবোৰ সাধাৰণ আৰু সন্যাসী উভয়ে অলংকৃত সাজ-পোছাক পৰিধান কৰি পৰিৱেশন কৰে ৷ এই ন়ত্যবোৰে গুৰু ৰিনপোচে বা পদ্মাসম্ভৱৰ জীৱনত সংঘটিত হোৱা পৰিঘটনাবোৰ পুনৰ প্ৰণয়ন কৰে, বেছিভাগেই বেয়াক হৰুৱাই ভালৰ জয়ৰ চিত্ৰণ কৰে ৷
ভূটানীসকলে বিশ্বাস কৰে যে নৃত্যবোৰ নিৰীক্ষণ কৰিলে তেওঁলোক ধন্য, জ্ঞানপ্ৰাপ্ত আৰু বিশুদ্ধ হয় ৷ নৃত্যৰ লগত লোকগীত পৰিৱেশন কৰা হয়, ঢোল, বাঁহী, য়াকৰ শিঙৰ বাদ্যকে ধৰি বিভিন্ন লোকবাদ্য বজোৱা হয় ৷ আনফালে নৃত্যশিল্পীসকলে কাঠৰ মুখা পিন্ধে, যিয়ে জীৱ-জন্তু, ভয়ংকৰ দেৱতা, গুৰু ৰিনপোচেৰ বিভিন্ন প্ৰকাশক প্ৰতিনধিত্ব কৰে ৷ এই উৎসৱলৈ স্থানীয় কোনো লোকক নিমন্ত্ৰণ কৰা নহয়, সকলোৱে স্বতঃস্ফূৰ্তভাৱে আহি ইয়াত অংশগ্ৰহণ কৰে ৷
উল্লেখযোগ্য যে পৰম্পৰাগত ৰীতি-নীতিৰে আজি পানবাঙত অনুষ্ঠিত হোৱা শ্বেচু উৎসৱৰ সামৰণি পৰিব ৷
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
