ৱাশ্বিংটন, ২২ জুন (হি.স.)। ইজৰাইল আৰু ইৰাণৰ সামৰিক সংঘাতত আমেৰিকাও প্ৰৱেশ কৰিছে। ইৰাণৰ তিনিটা পাৰমাণৱিক স্থান ফৰ্ডো, নাটানজ আৰু এছফাহান আক্ৰমণ কৰি ধ্বংস কৰা বুলি দাবী কৰিছে আমেৰিকাই। এই আক্ৰমণ দেওবাৰে পুৱা ভাৰতীয় সময় অনুসৰি পুৱা ৪:৩০ বজাত সংঘটিত হয়। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে এই সামৰিক অভিযান সন্দৰ্ভত দেশবাসীক সম্বোধন কৰি কয় যে ইৰাণে এতিয়াই শান্তি প্ৰতিষ্ঠা কৰিব লাগে। যদি তেওঁলোকে তেনে নকৰে তেন্তে ভৱিষ্যতে আক্ৰমণ বহুত ডাঙৰ হ’ব।
ড’নাল্ড ট্ৰাম্পে ইৰাণৰ বিৰুদ্ধে আমেৰিকাৰ সামৰিক অভিযানৰ বিষয়ে এক্স-প’ষ্টত তথ্য দিওঁতে লিখিছে যে আমেৰিকাই লক্ষ্য কৰি লোৱা ইৰাণৰ তিনিটা পাৰমাণৱিক স্থান ফৰ্ডো, নাটানজ আৰু এছফাহানত আছে।
ট্ৰাম্পে লিখিছে, `আমি এই ছাইটসমূহত একেলগে বহু বোমা নিক্ষেপ কৰিছো। আমাৰ সকলো যুদ্ধ বিমান নিৰাপদে আমেৰিকালৈ উভতি আহিছে। আমেৰিকাৰ সাহসী সৈনিকসকলক অভিনন্দন জনাইছো। পৃথিৱীৰ আন কোনো সেনাবাহিনী নাই যিয়ে এই কাম কৰিব পাৰে।’
ইৰাণৰ তিনিটা পাৰমাণৱিক স্থানক লক্ষ্য কৰি আৰম্ভ কৰা সামৰিক অভিযানৰ বিষয়ে দেশবাসীক সম্বোধন কৰি ট্ৰাম্পে কয় যে আমেৰিকাই ইৰাণৰ ওপৰত বৃহৎ আক্ৰমণ চলাইছে। ট্ৰাম্পে কয় যে তেওঁ এনে পদক্ষেপ ল’ব নালাগে বুলি বহুত চেষ্টা কৰিছিল, কিন্তু তেওঁৰ হাতত কোনো বিকল্প নাছিল আৰু এতিয়া ইৰাণে শান্তিৰ পথলৈ ঘূৰি আহিব লাগে। ইৰাণৰ হাতত এতিয়াও সময় আছে শান্তিৰ পথলৈ ঘূৰি আহিবলৈ, এই যুদ্ধৰ অন্ত পেলাব লাগিব। ইৰানে যদি প্ৰতিশোধ লয় তেন্তে আমিও আক্ৰমণ কৰিম। শান্তি নাথাকিলে বিনাশ হ’ব। আটাইকেইটা টাৰ্গেটত এতিয়াও আক্ৰমণ কৰা হোৱা নাই। আমি ইৰাণৰ পাৰমাণৱিক প্লাণ্ট সম্পূৰ্ণৰূপে ধ্বংস কৰিম।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
